মাতৃৰ কোলা উদং কৰি ৫০০০ টকাত শিশু সন্তান বিক্ৰী পাষাণ পিতৃৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুন : পুনৰ এক লজ্জাজনক ঘটনা সংঘটিত হল এইখন অসমতে।
চিৰাং জিলা সদৰ কাজলগাঁৱত শিশু সন্তান বিক্ৰী কৰাৰ দৰে অমানৱীয় ঘটনা সংঘটিত হৈছে !
পাষাণ পিতৃয়ে মাতৃৰ কোলাৰ পৰা আঠ মহীয়া পুত্ৰ সন্তানক কাঢ়ি নি পাঁচ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰা ঘটনা সংঘটিত হৈছে ।
তাৰ পিছতেই নিজৰ পুত্ৰ সন্তানক বিচাৰি ফটো লৈ কাজলগাঁৱত থানাত উপস্থিত দুৰ্ভগীয়া মাতৃ ।
কিন্তু কি পৰিস্থিতিত পাষাণ পিতৃয়ে মাতৃগৰাকীৰ কোলাৰ পৰা কণমানি আঠমহীয়া শিশু পুত্ৰক অইনৰ হাতত বিক্ৰী কৰিলে, সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
উল্লেখ্য যে শিশুটিৰ পিতৃৰ নাম দ্বাৰাও মুৰ্মু। আৰু পতি-পত্নী দুয়ো দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে।