নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী ফজৰ

বিশেষ বাৰ্তা, ৩১ জুলাইঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হ’ল এটা ড্ৰাগছ সৰবৰাহকাৰী। ফজৰ আলী নামৰ এটা ড্ৰাগছ সৰৱৰাহকাৰীক বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোঁহায়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ সৰৱৰাহকাৰীটোৰ পৰা বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছ জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ পৰা বাতাচীপুৰ যোৱা পথত মনমোহিনীপুৰ চাহ বাগিচাৰ সন্মুখত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ৩৬টা কন্টেইনাৰত ৫৩ গ্ৰাম ড্ৰাগছ সৰৱৰাহ কৰাৰ সময়তে বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ কৰে ফজৰ আলী নামৰ এটা ড্ৰাগছ সৰৱৰাহকাৰীক। ধৃত ড্ৰাগছ সৰৱৰাহকাৰীটোৰ ঘৰ ঢেকীয়াজুলিৰ মোলানপুখুৰীত বুলি জনায় আৰক্ষীয়ে৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কেইবালাখ টকা হ’ব বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে। ঢেকীয়াজুলি আৰু বৰছলা অঞ্চলত ধৃত ড্ৰাগছ সৰবৰাহকাৰী ফজৰ আলীয়ে মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বৰবিহস্বৰূপ মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like