অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীক নগাঁৱত সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : আজি নগাঁৱত অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীক এক অনুষ্ঠানত সম্বৰ্ধনা জনায়।কবি সাহিত্যিক কবিতা বৰাৰ ঘৰত অনুষ্ঠিত অনুষ্ঠানত সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা, সাংবাদিক অজয় মাহাতো, কবি সুৰেন বৰা, ৰিংকু বৰা, গকুল শইকীয়া, ৰশ্মি বৰা, জিমলি বৰা, অভিষেক ভাৰতী আদিয়ে অংশগ্ৰহণ কৰে। সাহিত্যিক মৃণালিনী দেৱীয়ে কয় যে “সাহিত্য চৰ্চাত আধ্যাত্মিক চিন্তা ধাৰা থকাটো প্ৰয়োজন। সাহিত্যিক হবলৈ হলে সাধনাৰ প্ৰয়োজন।” অনুষ্ঠানত ভাৰতীয় সাহিত্য পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ধীৰেন শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।
প্ৰেৰক কনক হাজৰিকা