নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত কৃতী শিক্ষাৰ্থীক ৰাজহ চক্ৰ বিষয়াৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১২ জুলাই : কামৰূপৰ নগৰবেৰাস্থ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ পৰা ২০২৩ বৰ্ষৰ স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বাধিক নম্বৰ লাভ কৰি শিক্ষা বিভাগৰ লগতে মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নগৰবেৰাৰ পিজুপাৰ গাঁও নিবাসী বৈদ্যনাথ মেধিৰ জ্যেষ্ঠা কন্যা মেধাৱী ছাত্ৰী জ্যোতিস্মিতা মেধিয়ে। সেই উপলক্ষে আজি নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে নিজৰ কাৰ্যালয় প্ৰাসংগত আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে মেধাৱী ছাত্ৰী জ্যোতিস্মিতা মেধিক ফুলাম গামোচা, শৰাই, কলম, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত নগৰবেৰা ৰাজহ চক্ৰৰ বিভিন্ন লাটৰ কেইবাগৰাকীও লাট-মণ্ডলেও ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনায়। কাৰ্যসূচীত চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে এক ভাষণত কয়- ছাত্ৰ-ছাত্ৰীসকলে ভালকৈ পঢ়াশুনা কৰিলে নিশ্চিত ভাবে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় ৷ আৰু তাৰেই উদাহৰণ জ্যোতিস্মিতা মেধি |নগৰবেৰা বাসীয়ে আজিৰে পৰা নিজৰ নিজৰ লৰা ছোৱালীক উচ্চ শিক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়িতোলাৰ সংকল্প ল’বলৈও আহ্বান জনায় বনশ্ৰী মালাকাৰে। শিক্ষাৰ এক আন্দোলন গঢ়ি তোলা আৰু প্ৰতি ঘৰে ঘৰে শিক্ষা-দীক্ষাৰে উদ্ভাসিত হ’লেহে সমাজ এখন সচাঁ অৰ্থত স্বতঃস্ফুৰ্তভাৱে উন্নতি হোৱা বুলি কব পাৰি বুলিও তেওঁ যুক্তি দৰ্শায়। নগৰবেৰা অঞ্চলৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় সমূহত থকা প্ৰতিটো সমস্যা পৰ্যায়ক্ৰমে চৰকাৰে সমাধানৰ দিহা কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে। ভালকৈ পঢ়া শুনা কৰিলে চৰকাৰী বিদ্যালয়ৰ পৰাও বহু ভাল ফলাফল লাভ কৰিব পৰা যায় বুলিও তেওঁ মত পোষণ কৰে ৷ চক্ৰ বিষয়া গৰাকীয়ে আৰু কয় যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ একো একোটা সপোন থকা উচিত আৰু তাক বাস্তৱায়িত নকৰালৈকে সেই সপোনৰ পিছে পিছে কষ্ট আৰু ধৈৰ্য্যৰে দৌৰিব লাগে কিয়নো তেতিয়াহে এদিন নহয় এদিন সপোন সাকাৰ হোৱাৰ সম্ভাৱনা থাকে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like