ধুবুৰী জিলা কাৰাগাৰত অধীক্ষকৰ নিৰ্যাতনৰ বলি মহিলা ৱাৰ্ডেন
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ কাৰাগাৰত মহিলা কয়েদীক সুৰক্ষা দিয়া খোদ মহিলা ৱাৰ্ডনেই অসুৰক্ষিত! কেৱল এয়াই নহয়; বিগত প্ৰায় এমাহৰ পৰা কাৰাগাৰৰ শীৰ্ষ বিষয়া, সহকৰ্মী আৰু সহকৰ্মী গৰাকীৰ স্বামীৰ পৰা মানসিক আৰু শাৰিৰীকভাবে অপদস্থ কৰি থকাৰো অভিযোগ উত্থাপিত কৰিছে ভূক্তভোগী সেই বিবাহিত মহিলাগৰাকী। আনকি বিষয়টো লৈ ধুবুৰী জিলা আয়ুক্তকে ধৰি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষককো লিখিতভাবে অভিযোগ দিয়া বুলিও সদৰি কৰিছে মহিলা ৱাৰ্ডেনগৰাকী। বৰ্তমানে তীব্ৰ অনিশ্চয়তাত ভূগি থকা ভূক্তভোগী মহিলাগৰাকী আজি ধুবুৰী আৰক্ষী থানাত সেই এখন এজাহাৰো দাখিল কৰা বুলি জানিব পৰা গৈছে। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলা কাৰাগাৰত। তাৎপর্যপূর্ণভাবে খোদ জিলা কাৰাগাৰটোৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীকে ধৰি সহকৰ্মী তথা আন এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণ বৰ্মন আৰু জেলৰ এজন কয়েদি মজিবৰ ৰহমানৰ বিৰূদ্ধে উঠিছে সেই অভিযোগ। ২০২৩ বৰ্ষৰ ১ জুনৰ পৰা ধুবুৰী জিলা কাৰাগাৰত ৱাৰ্ডেন ৰূপে কৰ্মৰত হৈ থকা ভূক্তভোগী মহিলাগৰাকীয়ে প্ৰদান কৰা লিখিত অভিযোগ মতে, বিগত ১ নৱেম্বৰৰ দিনা দীপাৱলী উপলক্ষে ধুবুৰী জিলা কাৰাগাৰত নিশা এটা সৰু অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। পিছত অনুষ্ঠানটোৰ সমাপ্তিৰ পিছত জেইলাৰ ৰাজবংশী আৰু আন এগৰাকী মহিলা ৱাৰ্ডেনৰ সৈতে কাৰাগাৰ চৌহদত থকা নিজৰ বাসগৃহলৈ ৰাওনা হৈছিল তিনিও। কিন্তু, সেই সময়ত মহিলা সহকৰ্মী গৰাকী তামোল-পাণ আনিবলৈ হৈছিল আৰু তাৰেই সুযোগ লৈ জেইলাৰ গৰাকীয়ে তেখেতক সাৱটি ধৰিবলৈ চেষ্টা কৰা বুলি নিজৰ অভিযোগ পত্ৰখনত স্পষ্টভাবে উল্লেখ কৰিছে মহিলাগৰাকীয়ে। আনকি জেলৰ মুজিবৰ ৰহমান নামৰ কয়েদীয়ে কাৰাগাৰ চৌহদত থকা তেখেতৰ চৰকাৰী আবাসগৃহলৈ আহি ৫০০ টকীয়া কিছু নোট দেখুৱাই সেই ধনখিনিৰ বিনিময়ত শাৰিৰীক সম্পর্ক স্থাপন কৰাৰ প্ৰস্তাব দিছিল বুলিও অভিযোগ ভূক্তভোগীৰ। সেয়া পোনছাটেই নস্যাৎ কৰাৰ পিছত ৰহমানে সেই স্থানৰ পৰা আঁতৰি হৈছিল যদিও অহা ৪ দিনৰ ভিতৰত যিকোনো উপায়ে তেওঁৰ শয্যাসংগীনি হ’ব লাগিব বুলি সকীয়নি দি উল্লেখ আছে মহিলাগৰাকীৰ অভিযোগ পত্ৰখনত। শেহতীয়াকৈ কেইদিনমান পূৰ্বে বিয়লি নিজ কৰ্তব্য কৰি নিজৰ চৰকাৰী আবাসগৃহত প্ৰৱেশ কৰাৰ পিছত সহকৰ্মী তথা কাৰগাৰটোৰ অইন এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণ বৰ্মনে অকষ্মাতে আহি পিছপিনৰ পৰা আহি সাৱটি ধৰি চুমা খাবলৈ প্ৰচেষ্টা চলোৱা বুলিও অভিযোগ মহিলাগৰাকীৰ। আনকি, ঘটনা সন্দৰ্ভত মুখ খুলিলে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব বুলিও মহিলাখনৰ অভিযোগ পত্ৰখনত উল্লেখ আছে। শেহতীয়াকৈ চৰম অনিশ্চয়তাত ভূগি থকা ভূক্তভোগী মহিলা ৱাৰ্ডেনগৰাকীয়ে বিষয়টো সন্দৰ্ভত আজি ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ বিষয়টো লৈ হস্তক্ষেপ কৰাৰ বাবে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাইছে। ইপিনে, মহিলাগৰাকীয়ে অনা অভিযোগ বোৰ সঁচাকৈয়ে সঁচা হ’লে ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰচৰাত দৰাচলতে কি চলিছে সেয়াও এক প্ৰশ্ন হৈ দেখা দিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী