নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোৱণশিৰিৰ বুকুত আবদ্ধ ফেৰী : যাত্রীৰ হাহাকাৰ

বিশেষ বাৰ্তা, ১২ জুলাইঃ লখিমপুৰত প্ৰচণ্ড ধুমুহাৰ বাবে সোৱণশিৰিৰ বুকুত আৱদ্ধ হৈ ৰল যাত্ৰীবাহী ফেৰী। আজি দুপৰীয়া লখিমপুৰ জিলাৰ ঘূণাসুতি ঘাটৰ ফেৰী নাও এখন সোৱণশিৰিৰ মাজত আৱদ্ধ হৈ পৰে। বতাহ ধুমুহাৰ বাবে নদীৰ বুকুত আৱদ্ধ হৈ পৰে ফেৰীখন। ঘূণাসুতি ঘাটৰ পৰা অৰ্ধশতাধিক যাত্রী লৈ লখিমপুৰ অভিমুখে যাত্ৰী আহি আছিল ফেৰীখন। যাত্ৰাীৰ লগতে ভালেকেইখন দুচকীয়া যানো আছিল ফেৰীখনত। ঘুনাসুতিৰ পৰা লখিমপুৰ অভিমুখে আহি থকা ফেৰীখন লখিমপুৰ ঘাট পাবলৈ কিছু বাকী থকা অৱস্থাতে প্ৰচণ্ড বতাহ ধুমুহা আহে। তেনে অৱস্থাত বতাহৰ ফলত নৈখনত প্ৰচণ্ড ঢৌ সৃষ্টি হয়। যাৰ বাবে ফেৰীখন চলোৱাটো বিপজ্জনক হৈ পৰে। সেইবাবে সোৱণশিৰিৰ মাজত ফেৰীখন আৱদ্ধ হৈ পৰে। নৈখনৰ প্ৰচণ্ড ঢৌৰ বাবে ফেৰীখন আৱদ্ধ হৈ পৰাত যাত্রীসকলৰ মাজত হাহাকাৰ লাগে। সকলো ভয়ত অস্থিৰ হৈ পৰে। একাংশ যাত্রীয়ে ভয়তে কান্দিবলৈ ধৰে। প্ৰায় দুঘন্টা ধৰি এনে পৰিস্থিতি অব্যাহত থকাৰ পাছত নৈখনৰ ঢৌৰ প্ৰকোপ কিছু শাম কটাত সতৰ্কতাৰে লাহে লাহে ফেৰীখন আনি লখিমপুৰ ঘাট পোৱাবলৈ সক্ষম হয়। যাৰ বাবে এক ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে ফেৰীখনৰ যাত্রীসকল।

প্ৰেৰক জীৱন গোস্বামী

You might also like