নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ শান্তিপুৰত এটা পথক কেন্দ্ৰ কৰি দুই ফৈদৰ শীতল যুঁজ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ গাঁৱৰ নাম শান্তিপুৰ, পিছে এটা পথক লৈ অশান্তিৰে ভৰপূৰ। শান্তি ঘূৰাই আনিবলৈ প্ৰশাসনে চলালে জেচিবি, জেচিবিয়ে মাটি খান্দিহে আনিলে শান্তি আৰু সকলোৰে মুখত বিৰিঙিছে সন্তুষ্টিৰ হাঁহি। নগৰবেৰাৰ চেনিমাৰা শান্তিপুৰত এটা পথৰুৱা পথক লৈ দীৰ্ঘদিন ধৰি চলি আহিছিল দুই পক্ষৰ শীতল যুঁজ। অভিযোগ অনুসৰি কামল উদ্দিন পক্ষই পথৰ মাটি নিজৰ বুলি দাবী কৰি পথটি বন্ধ কৰি ৰাখিছিল ফলত কেইবাটাও পৰিয়ালৰ যাতায়াতলৈ আহুকাল নামে। অৱশেষত ভুক্তভোগী পক্ষৰ লোকে প্ৰশাসনৰ কাষ চাপে আৰু সেইমৰ্মে নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৎপৰতাত আৰক্ষীৰ সহযোগত জেচিবি লগাই মোকলাই দিয়া হয় বন্ধ কৰি থোৱা পথচোৱা। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চমু পথটি মুকলি হোৱাত ভুক্তভোগী পৰিয়ালসমূহৰ পুৰুষ-মহিলা সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙে।চেনিমাৰা শান্তিপুৰত বিঘ্নিত শান্তি উভতি আহে প্ৰশাসনৰ তৎপৰতাত, ইফালে আকৌ নিজৰ মাটিৰ দাবী কৰি প্ৰশাসনৰ এনে পদক্ষেপত অসন্তুষ্টি ব্যক্ত কৰে কামাল উদ্দিন পক্ষই। এটা পথক কেন্দ্ৰ কৰি দুই পক্ষৰ এনে মতানৈক্য সম্প্ৰতি সকলোৰে বাবে হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like