নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত মুনিন বৰুৱাৰ জীৱন আধাৰিত ছবি “ভাইমন দা” ৰ প্ৰচাৰাভিযান

জিল ক্ৰিয়েচনছৰ তৰফৰ পৰা এখন নতুন অসমীয়া বোলছবি "ভাইমন দা"

আহি আছে মুনিন বৰুৱাৰ জীৱন আধাৰিত ছবি “ভাইমন দা”

নিয়মীয়া বাৰ্তা, ১৭ মে’ : অসমীয়া বোলছবিৰ জোনাকী যাত্ৰাই ৰূপালী পৰ্দাৰ সোণালী বাটেৰে আহি এতিয়া ৯০ বছৰ পাৰ কৰিলে। এই সময়তে জিল ক্ৰিয়েচনছৰ তৰফৰ পৰা এখন নতুন অসমীয়া বোলছবি “ভাইমন দা”।

অসমীয়া বোলছবি জগতৰ পিতা-পুত্ৰ পৰা প্ৰভাতী পখীৰ গানলৈ, হিয়া দিয়া নিয়াৰ পৰা নায়কলৈ, বিধাতাৰ পৰা দাগ হৈ বাৰুদলৈ, ৰং আৰু ৰামধেনুৰ পৰা কন্যাদান অথবা প্ৰিয়াৰ প্ৰিয়লৈ, এই সকলো বোলছবিৰ নিৰ্মাতা,যশস্বী পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত “ভাইমন দা”।

অহা ২৩ মে’ত অসমৰ ছবিগৃহত “ভাইমন দা” ই মুক্তি লাভ কৰিব। সেই উদ্দেশ্যে জনসমাজত “ভাইমন দা”ক উজ্জীৱীত কৰি ৰখাৰ প্ৰয়াসেৰে নিৰ্মিত বোলছবিখনৰ প্ৰচাৰৰ উদ্দেশ্যে কালি নাজিৰা, বালিঘাট, শিমলুগুৰি আদি বিভিন্ন অঞ্চলত এক প্ৰচাৰ অভিযান চলাই বোলছবিখনৰ আৰৰ কৰ্মকৰ্তাসকলে। “ভাইমন দা” বোলছবি খনৰ জৰিয়তে আৱিস্কৃত হ’ব অসমীয়া বোলছবিৰ যোৱা প্ৰায় ছটা দশকৰ ইতিহাস।

জনগণে জানিব পাৰিব কিদেৰে কেমেৰাৰ আঁৰত হাঁহি আছিল একোজন বিজু ফুকন অথবা নিপন গোস্বামী, কিদৰে খিলখিলাই আছিল একোগৰাকী বিদ্যা ৰাও অথবা মৃদুলা বৰুৱা। ৰূপালী পৰ্দাত চাব পাৰিব আজিৰ পৰা একুৰি পাঁচ বছৰ আগৰ যতীন বৰাক, চিনেমালৈ অহাৰ আগৰ ৰবি শৰ্মাক।

চাব পাৰিব কিদৰে মায়াবিনী ৰাতিৰ বুকুত গুণগুণাই থাকিছিল তেতিয়াৰ নতুন সংগীত পৰিচালক জুবিন গাৰ্গ। অসমীয়া বোলছবি নিৰ্মাতা, যশস্বী পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এই “ভাইমন দা”য়ে  অসমীয়া বোলছবি জগতখনক এক নতুন মাত্ৰা প্ৰদান কৰিব।

বোলছবি খনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰ, সহযোগী পৰিচালক অৰবিন্দ কাশ্যপ, সহকাৰী পৰিচালক ভাৰ্গৱ অধ্যাপক,  সুৰজিৎ ফুকন , প্ৰযোজক শ্যামন্তক গৌতম, সংগীত জুবিন গাৰ্গা আৰু পৰাণ বৰকটকী ,গীতিকাৰ মুনিন বৰুৱা, দিগন্ত ভাৰতী, শশাংক সমীৰ আৰু পৰাণ বৰকটকী, চিত্ৰ গ্ৰহণকাৰী ভাঞ্চিনাথন মুৰুগেচন, কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মা, প্ৰযোজনা নিয়ন্ত্ৰক মনোজ মিশ্ৰ , ঋতু প্ৰয়াগ গাৰ্গ , কলা উষ্মত ঢালি , প্ৰশেনজিৎ দে, মণ্টু গোহাঁই, ৰূপসজ্জা বিশ্বজিৎ কলিতা, পাংকু হাজৰিকা, সাজসজ্জা গৰিমা  শইকীয়া গাৰ্গ, নৃত্য নিৰ্দেশতা পংকজ ইংতি , অভিনয়ত ক্ৰমে গুণাকৰ দেৱ গোস্বামী, পাকিজা বেগম, বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, কল্পনা কলিতা, অনুৰাগ বৰা, সমুদ্ৰগুপ্ত দত্ত, নীলিম দত্ত, দ্বীপজ্যোতি কেওট, পাৰ্থপ্ৰতীম হাজৰিকা আদিকে ধৰি ভালেকেই গৰাকী নৱীণ-প্ৰৱীণ অভিনেতাই অভিনয় কৰিছে।

You might also like