নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্যাঁ ছবি মহোৎসৱলৈ জয়ছেং জয় দহোটীয়াৰ অসমীয়া ছবি বাঘজানঃ ২২ মে’ত ফ্রান্সত অনুষ্ঠিত হ’বলগীয়া ছবি মহোৎসৱত প্রদর্শিত হব ছবিখন

নিয়মীয়া বাৰ্তা, ৪ মেঃ আন্তঃৰাষ্ট্রীয় পর্যায়ত সুখ্যাতি অর্জন কৰি পুনৰ অসমীয়া ছবিজগতলৈ সুনাম কঢ়িয়াই আনিছে আন এখন চলচ্চিত্রই৷ বিশ্বৰ আগশাৰীৰ চলচ্চিত্র মহোৎসৱসমূহৰ অন্যতম ক্যাঁ ছবি মহোৎসৱত প্রদর্শিত হ’ব অসমীয়া ছবি৷ মৰাণৰ জয়ছেং জয় দহোটীয়াই নির্মাণ কৰা ‘বাঘজান’ নামৰ ছবিখন প্রদর্শিত হ’ব ক্যাঁ ছবি মহোৎসৱত৷ অহা ২২ মে’ত ফ্রান্সত অনুষ্ঠিত হ’বলগীয়া ছবি মহোৎসৱখনত প্রদর্শিত কৰা হ’ব বাঘজান৷ আজি এই কথা সদৰী কৰিছে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ ঠাকুৰে৷ ছবি মহোৎসৱখনৰ ‘গ’উজ টু ক্যাঁ ছেকচন’ত আন চাৰিখন ছবিৰ সৈতে জয়ছেং জয় দহোটীয়াৰ ছবিখন প্রদর্শিত হ’ব৷ এই শাখাত প্রদর্শিত হ’বলগীয়া আন চাৰিখন ছবি হৈছে হিন্দী ছবি ‘বাইলাডিলা’, ‘এক জগাহ আপনি’, মাৰাঠী ছবি ‘ফলোৱাৰ’ আৰু কানাড়া ছবি ‘শিৱাম্মা’৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি ক্যাঁ ক্লাছিক শিতানত সত্যজিৎ ৰয়ৰ খ্যাতনামা ছবি ‘প্রতিবন্দী’ প্রদর্শন কৰা হ’ব৷ তদুপৰি আৰ মাধৱনে প্রযোজনা কৰা ৰকেটৰী ছবিখনৰ ৱ’ল্ড প্রিমিয়াৰ অনুষ্ঠিত হ’ব ক্যাঁ চলচ্চিত্র মহোৎসৱত৷ উল্লেখ্য যে ফ্রান্সত অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক ক্যাঁ ছবি মহোৎসৱৰ সৈতে অনুষ্ঠিত কৰা মার্চী ডু ফিল্মত এইবাৰ আনুষ্ঠানিক দেশ হিচাপে সন্মান প্রদান কৰা হৈছে ভাৰতক৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি প্রথমবাৰৰ বাবে ভাৰতে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও কেইবাখনো অসমীয়া ছবিয়ে আন্তঃৰাষ্ট্রীয় পর্যায়ত খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ নামৰ ছবিখনে বিদেশী ছবিৰ শিতানত ভাৰতক প্রতিনিধিত্ব কৰি অস্কাৰলৈ মনোনীত হৈছিল৷ তদুপৰি ‘দ্য ব্রিজ’, ‘লাইফ অৱ এ পাপেট’, ‘বেলকনিত ভগৱান’, ‘ছেমখৰ’ আদিৰ দৰে ছবিয়ে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও সন্মান আঁজুৰি আনি গৌৰৱান্বিত কৰিছিল অসমীয়া ছবি জগতক৷ স্বাভাৱিতেই বাঘজানত সংঘটিত হোৱা ট্রেজেডীক লৈ নির্মাণ কৰা ছবিখনে ক্যাঁ চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ সুযোগ লাভ কৰাৰ বাতৰিয়ে উৎফুল্লিত কৰি তুলিছে অসমবাসীক৷

You might also like