নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ ফেব্রুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ অহা ১২ ফেব্রুৱাৰীৰ পৰা ১৩ মার্চলৈ ৰাজ্যত অনুষ্ঠিট হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ এইবাৰ পৰীক্ষাত অৱতীর্ণ হ’ব ২ লাখ ৮০ হাজাৰ ২১৬গৰাকী পৰীক্ষার্থী৷ ইয়াৰে ১ লাখ ৩৭ হাজাৰ ৪৮৪জন ছাত্র হোৱাৰ বিপৰীতে ১ লাখ ৪২ হাজাৰ ৭৩২গৰাকী ছাত্রী৷ এইবাৰ কলা শাখাত ২ লাখ ৬ হাজাৰ ৪৬৭, বিজ্ঞান শাখাত ৫৫ হাজাৰ ২৮৭,বাণিজ্য শাখাত ১৭ হাজাৰ ৫৮২, বৃত্তিগত শাখাত ৮৮০গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ উল্লেখযোগ্য যে ৰাজ্যৰ ৮৭৭ কেন্দ্রত অনুষ্ঠিত হ’ব পৰীক্ষা৷ ইফালে পৰীক্ষা সুচাৰুভাৱে সম্পন্ন কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈ আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ৷ এইবাৰ কেইবাটাও নতুনত্বৰে অনুষ্ঠিত হ’ব পৰীক্ষা৷ প্রথমবাৰৰ বাবে অনলাইনৰ জৰিয়তে সকলো পৰীক্ষার্থীৰ উপস্থিতিৰ তথ্য ল’ব শিক্ষা সংসদে৷ যাৰ জৰিয়তে পৰীক্ষা শেষ হোৱাৰ লগে লগে ছাত্র-ছাত্রীৰ উপস্থিতিৰ তথ্য লাভ কৰিব শিক্ষা সংসদে৷ ইতিমধ্যে, এটা বিশেষ পর্টেল প্রস্তুত কৰি উলিওৱা হৈছে৷ এই পর্টেলত প্রতিটো পৰীক্ষাৰ অন্তত পৰীক্ষা কেন্দ্রৰ দায়িত্বত থকা বিষয়াই ছাত্র, ছাত্রীৰ তথ্য আপলোড কৰিব লাগিব৷ পূর্বে বহীত পঞ্জীয়ন কৰা হৈছিল ছাত্র, ছাত্রীৰ তথ্য৷ এহবাৰ অনলাইনৰ জৰিয়তে এই প্রক্রিয়া কৰা হ’ব বুলি মন্তব্য কৰিছে শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে৷ আনহাতে প্রতিটো পৰীক্ষা কেন্দ্রত চি চি টিভি, পৰীক্ষা কেন্দ্রৰ ১০০ মিটাৰ ব্যাসার্ধত ১৪৪ ধাৰা জাৰি কৰিব বুলিও মন্তব্য কৰে সচিব পুলক পাটগিৰিয়ে৷ ইফালে এইবাৰ পূর্বতকৈ আগতীয়াকৈ ফলাফল ঘোষণা কৰা হ’ব বুলিও মন্তব্য কৰিছে শিক্ষা সংসদৰ কর্তৃপক্ষই৷ ইতিমধ্যে, ৬১টা মূল্যায়ন জ’ন সাজু কৰি যাৱতীয় সকলো প্রস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে৷

You might also like