নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে হোজাই জিলাতো আজি প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰ আছিল ৭ লাখ ৩৯ হাজাৰ ৯২৬জন ৷ সেই খচৰাখন চালি-জাৰি চোৱাৰ অন্তত আজি প্ৰকাশ পোৱা ভোটাৰ তালিকাত ৭ লাখ ৩৫ হাজাৰ ৭২৯ জন ভোটাৰ থাকিল ৷ তাৰে চাৰিৰ পৰা পাঁচ হাজাৰ ভোটাৰ বিচাৰি নাপালে জিলা নিৰ্বাচনী বিষয়াই৷ আজি জিলা নিৰ্বাচানী বিষয়া তথা হোজাই জিলা আয়ুক্তই নিজ কাৰ্য্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি হোজাই জিলাৰ তিনিওটা সমষ্টিৰ ভোটাৰ তালিকাৰ তথ্য প্ৰকাশ কৰে ৷ সেই অনুসৰি ৬২নং বিন্নাকান্দি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৫৩,৪৯০ জন ৷ তাৰে ভিতৰত ১,২৯,৯২৯জন পুৰুষ আৰু ১,২৩,৫৫৫গৰাকী মহিলা ৷ ৬৩নং হোজাই সমষ্টিত মুঠ ২,৪৩,৫৬৪জন ভোটাৰ ৷ তাৰে পুৰুষ ভোটাৰ হ’ল ১,২৩,৮৯৫জন আৰু মহিলা ভোটাৰ হ’ল ১,১৯,৬৬৮গৰাকী ৷ ৬৩নং লামডিং সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৩৮,৬৭৫গৰাকী। তাৰে ভিতৰত পুৰুষ ভোটাৰ হ’ল ১,২০,৭৩০জন আৰু মহিলা ভোটাৰ হ’ল ১,১৭,৯৪৩গৰাকী।
প্ৰেৰক কিশলয় ডি গোস্বামী