নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত পিঞ্জৰাবদ্ধ সন্ত্ৰাস সৃষ্টিাকাৰী বনৰজা

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ বিগত প্ৰায় ৬ মাহ ধৰি নগাঁও জিলাৰ কলিয়াবৰৰ সোনাৰি- কামাখ্যা, কলিয়াবৰ চাহবাগিচা, সোনাৰি শাখা চাহবাগিচা, হাতীমুৰা আদি অঞ্চলৰ লগতে শেহতীয়াকৈ দেৱসত্ৰ, ঢেকিয়াল, কটিয়ৰি, মিৰিভেটি আদি অঞ্চলত যোৱা তিনিখন ধৰি আতংকৰ সৃষ্টি কৰি প্ৰকাণ্ড ঢেকীয়াপটীয়া অৱশেষত পিঞ্জৰাবদ্ধ হোৱাত এই অঞ্চলসমূহৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। বিগত সময়ছোৱাত বাঘে অঞ্চলসমূহত অৰ্ধাশতাধিক পশুধন ভক্ষণ কৰিছিল। যোৱা তিনিদিনত বাঘটোৱে দেবসত্ৰ, ঢেকিয়াল, কটিয়ৰি আদি অঞ্চলত চাৰিটা পশুধন ভক্ষণ কৰে। বাঘটোৰ মুক্ত বিচৰণত শংকিত গঞাই কালি হাতে হাতে জাঠি, জোং লৈ শিলগুটি দলিওৱাৰ ফলত বাঘটো আঘাটপ্ৰাপ্ত হৈছিল।দিশহাৰা বাঘটোৱে  প্ৰাণৰ মমতাত কলং নৈত জাপ দিয়াৰ পিছতো একাংশ হৃদয়হীন লোকে  শিলগুটি নিক্ষেপ কৰি আঘাটপ্ৰাপ্ত কৰিছিল। ফলত আৰু ভৰিত বেয়াকৈ আঘাত পাইছিল বাঘটোৱে। পাছত আঘাটপ্ৰাপ্ত বাঘটোৱে নিশা কলঙৰ পাৰতে প্ৰায় ১০ ঘণ্টা ভাগৰুৱা হৈ শুই পৰিছিল।অৱশেষত আজি পুৱতি নিশা প্ৰায় দুই বজাত দুখনকৈ জে চি বিত উঠি বনবিভাগ, চি ডব্লিউ আৰ চি কৰ্মী ,পশু চিকিৎসক আদিয়ে বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।ইয়াৰ পিছতে কলিয়াবৰ সম জিলাৰ দণ্ডাধীশৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ, আৰক্ষী, বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰে। ফলত উল্লিখিত অঞ্চল সমুহৰ আতংকময় পৰিস্থিতিৰ অৱসান ঘটিল।আঘাটপ্ৰাপ্ত বাঘটোক পিছত কাজিৰঙাৰ পানবাৰিস্থ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যায়। এই অভিযানৰ নেতৃত্ব দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ অৰুণ বিগনেছ, শালনা বনাঞ্চলিক বিষয়া বিভুতি মজুমদাৰ, কলিয়াবৰ সমজিলাৰ আৰক্ষীয়ে। যথেষ্ঠ প্ৰত্যাহ্বানৰ মাজতো বাঘটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত সংশ্লিষ্ট সখলোকে প্ৰকৃতিপ্ৰেমী সকলে কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখ যে  শিলঘাটৰ কামাখ্যা পাহাৰৰ পাদদেশত প্ৰায় চাৰিটা বাঘে  প্ৰায় এবছৰ ধৰি বিচৰণ কৰি আছে।
প্ৰেৰক কনক হাজৰিকা
You might also like