নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ কাইলৈ অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৪-২৫ বিত্তীয় বর্ষৰ ৰাজ্যিক বাজেট উত্থাপন কৰিব৷ দিনৰ ২ বজাত বিত্তমন্ত্রী নেওগে সদনত উত্থাপন কৰিবলগীয়া এইবাৰৰ বাজেটখনত কৃষক, নিবনুৱা, মহিলা, শিক্ষার্থী, চাহ শ্রমিক, সংখ্যালঘুকে ধৰি সমাজৰ সকলো স্তৰৰ লোকৰে বিকাশ আৰু উন্নয়নৰ বহু ইতিবাচক খবৰ কঢ়িয়াই আনিব বুলি জানিব পৰা গৈছে৷ বিগত প্রায় দুমাহ ধৰি বাজেটখন প্রস্তুতক লৈ বিত্ত বিভাগে ব্যাপক তৎপৰতা চলোৱাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো সময়ে সময়ে বিত্ত বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগসমূহক লৈ বাজেট প্রস্তুতৰ প্রাৰম্ভিক কাম-কাজৰ বুজ লোৱাৰ লগতে বিভিন্ন দিক্নির্দেশনা প্রদান কৰি আহিছে৷ আনকি কালিও মুখ্যমন্ত্রী ড০ শর্মাই লোকসেৱা ভৱনত চলিত বিত্তীয় বর্ষত ৰাজহ, পৰিবহণ, বন, আবকাৰী, খনি আৰু খনিজ পদার্থৰ উপৰি কৰ বিভাগৰ দ্বাৰা সংগৃহীত ৰাজহ সন্দর্ভত বিভাগীয় শীর্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই কৰ বিভাগে জিএছটি আৰু অন্য শিতানৰ পৰা সংগৃহীত ৰাজহৰো বুজ লয়৷ বিত্ত বিভাগৰ এক সূত্রৰ পৰা জানিব পৰা মতে এইবাৰৰ বাজেটত চৰকাৰে বিভিন্ন বিভাগত বহু অভিলাসী আঁচনি, প্রকল্প গ্রহণৰ লগতে নতুনকৈ কোনো ধৰণৰ কৰ আৰোপ নকৰে৷ উল্লেখ্য যে কাইলৈ পুৱা ৯.৩০ বজাত সদনৰ প্রশ্নোত্তৰকাল আৰম্ভ হ’ব৷ এঘণ্টীয়া প্রশ্নোত্তৰকালৰ পাছতে জিৰো আৱাৰ, অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্যপ্রণালীৰ ৫৪ বিধি আৰু ৩০১ চলিব৷ ইয়াৰ মাজতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষা বিভাগ সম্পর্কত এটা বিবৃতিও সদনত প্রদান কৰিব৷ এইসমূহ কার্যসূচী শেষ হোৱাৰ পাছত দিনৰ ২ বজাত বিত্তমন্ত্রী নেওগে সদনত বাজেট দাখিল কৰিব৷