নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত এদিনীয়া বিশ্বকাপৰ সম্পূৰ্ণ সূচী জানক

বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ ২০২৩। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত। বিশ্বকাপত নকআউটকে ধৰি মুঠ ৪৮খন মেচ অনুষ্ঠিত হ’ব, য’ত ৪৫খন লীগ মেচ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ আটাইকেইখন খেল ১০টা স্থানত অনুষ্ঠিত হ’ব। ১৯ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। বিশ্বকাপৰ সকলো খেল ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ জৰিয়তে ভাৰতত টিভিত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ডিজনী প্লাছ হটষ্টাৰত মেচসমূহৰ বিনামূলীয়া লাইভ ষ্ট্ৰীমিং কৰা হ’ব। আই চি চি ক্ৰিকেট বিশ্বকাপৰ খেল অনুষ্ঠিত হব লগা ঠাইকেইখন হল- নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়াম (আহমেদাবাদ), ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম (হায়দৰাবাদ), হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়াম (ধৰমশালা), অৰুণ জেটলী ষ্টেডিয়াম (দিল্লী), এম এ চিদাম্বৰম ষ্টেডিয়াম (চেন্নাই), একনা ক্ৰিকেট ষ্টেডিয়াম (লক্ষ্ণৌ), মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়াম (পুনে),
এম চিন্নাস্বামী ষ্টেডিয়াম (বেংগালুৰু), ৱানখেড়ে ষ্টেডিয়াম (মুম্বাই), ইডেন গাৰ্ডেনছ (কলকাতা)। আনহাতে বিশ্বকাপৰ সম্পূৰ্ণ সূচী এনেধৰণৰ-
৫ অক্টোবৰ : ইংলেণ্ড বনাম নিউজিলেণ্ড, আহমেদাবাদ
৬ অক্টোবৰ : পাকিস্তান বনাম নেদাৰলেণ্ড, হায়দৰাবাদ
৭ অক্টোবৰ : বাংলাদেশ বনাম আফগানিস্তান, ধৰ্মশালা
৭ অক্টোবৰ : দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা, দিল্লী
৮ অক্টোবৰ : ভাৰত বনাম অষ্ট্ৰেলিয়া, চেন্নাই
৯ অক্টোবৰ : নিউজিলেণ্ড বনাম নেদাৰলেণ্ড, হায়দৰাবাদ
১০ অক্টোবৰ : ইংলেণ্ড বনাম বাংলাদেশ, ধৰমশালা
১০ অক্টোবৰ : পাকিস্তান বনাম শ্ৰীলংকা, হায়দৰাবাদ
১১ অক্টোবৰ : ভাৰত বনাম আফগানিস্তান, দিল্লী
১২ অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, লক্ষ্ণৌ
১৩ অক্টোবৰ : নিউজিলেণ্ড বনাম বাংলাদেশ, চেন্নাই
১৪ অক্টোবৰ : ভাৰত বনাম পাকিস্তান, আহমেদাবাদ
১৫ অক্টোবৰ : ইংলেণ্ড বনাম আফগানিস্তান, দিল্লী
১৬ অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা, লক্ষ্ণৌ
১৭ অক্টোবৰ : দক্ষিণ আফ্ৰিকা বনাম নেদাৰলেণ্ড, ধৰ্মশালা
১৮ অক্টোবৰ : নিউজিলেণ্ড বনাম আফগানিস্তান, চেন্নাই
১৯ অক্টোবৰ : ভাৰত বনাম বাংলাদেশ, পুনে
২০ অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম পাকিস্তান, বেংগালুৰু
২১ অক্টোবৰ : নেদাৰলেণ্ড বনাম শ্ৰীলংকা, লক্ষ্ণৌ
২১ অক্টোবৰ : ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, মুম্বাই
২২ অক্টোবৰ : ভাৰত বনাম নিউজিলেণ্ড, ধৰ্মশালা
২৩ অক্টোবৰ : পাকিস্তান বনাম আফগানিস্তান, চেন্নাই
২৪ অক্টোবৰ : দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ- মুম্বাই
২৫ অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম নেদাৰলেণ্ড, দিল্লী
২৬ অক্টোবৰ : ইংলেণ্ড বনাম শ্ৰীলংকা, বেংগালুৰু
২৭ অক্টোবৰ : পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা, চেন্নাই
২৮ অক্টোবৰ : অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড, ধৰ্মশালা
২৮ অক্টোবৰ : নেদাৰলেণ্ড বনাম বাংলাদেশ, কলকাতা
২৯ অক্টোবৰ : ভাৰত বনাম ইংলেণ্ড, লক্ষ্ণৌ
৩০ অক্টোবৰ : আফগানিস্তান বনাম শ্ৰীলংকা, পুনে
৩১ অক্টোবৰ : পাকিস্তান বনাম বাংলাদেশ, কলকাতা
১ নৱেম্বৰ : নিউজিলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, পুনে
২ নৱেম্বৰ : ভাৰত বনাম শ্ৰীলংকা, মুম্বাই
৩ নৱেম্বৰ : নেদাৰলেণ্ড বনাম আফগানিস্তান, লক্ষ্ণৌ
৪ নৱেম্বৰ : নিউজিলেণ্ড বনাম পাকিস্তান, বেংগালুৰু
৪ নৱেম্বৰ : ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, আহমেদাবাদ
৫ নৱেম্বৰ : ভাৰত বনাম দক্ষিণ আফ্ৰিকা,কলকাতা
৬ নৱেম্বৰ : বাংলাদেশ বনাম শ্ৰীলংকা- দিল্লী
৭ নৱেম্বৰ : অষ্ট্ৰেলিয়া বনাম আফগানিস্তান,মুম্বাই
৮ নৱেম্বৰ : ইংলেণ্ড বনাম নেদাৰলেণ্ড, পুনে
৯ নৱেম্বৰ : নিউজিলেণ্ড বনাম শ্ৰীলংকা, বেংগালুৰু
১০ নৱেম্বৰ : দক্ষিণ আফ্ৰিকা বনাম আফগানিস্তান, আহমেদাবাদ
১১ নৱেম্বৰ : অষ্ট্ৰেলিয়া বনাম বাংলাদেশ, পুনে
১১ নৱেম্বৰ : ইংলেণ্ড বনাম পাকিস্তান, কলকাতা
১২ নৱেম্বৰ : ভাৰত বনাম নেদাৰলেণ্ড, বেংগালুৰু
১৫ নৱেম্বৰ : ছেমিফাইনেল-১, মুম্বাই
১৬ নৱেম্বৰ : ছেমিফাইনেল-২, কলকাতা
১৯ নৱেম্বৰ : ফাইনেল, আহমেদাবাদ।

You might also like