নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলেশ্বৰৰ বিধায়কৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু

🟢গুৱাহাটী ভেটাপাৰা নিৱাসী দীপক কুমাৰ দাসে দিয়ে গোচৰ

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গুৱাহাটী ভেটাপাৰা নিবাসী দীপক কুমাৰ দাসে। কিয়নো অলপতে বিধায়কগৰাকীয়ে সনাতন হিন্দু ধৰ্মক লৈ বিৰূপ মন্তব্য কৰিছিল। এখন জনসভাত বিধায়কগৰাকীয়ে পূজাৰী-নামঘৰীয়াসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছিল। যাৰ জৰিয়তে সনাতনী হিন্দু ধৰ্মক অপমান কৰিছে বিধায়ক মোল্লাই। এজাহাৰ দাখিলকাৰী দাসে পূজাৰীসকলক ধৰ্ষণকাৰী বুলি অভিহিত কৰা কথা বিৰোধিতা আইনৰ দ্বাৰস্থ হয়। তেওঁ কয় যে মই সাধাৰণ লোক হিচাপে এজাহাৰ দাখিল কৰিছোঁ। আইনৰ জৰিয়তে ব্যৱস্থা লবৰ বাবে অনুৰোধ জনাইছোঁ। মোল্লাই হিন্দু আৰু মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰিবই লাগিব। ৰাজনৈতিক আৰু ব্যক্তিগত মুনাফা আদায়ৰ বাবে এনেবোৰ কথা কৰিছে মোল্লাই। এজাহাৰ দাখিল কৰি দাসে কয় যে আইনৰ ওপৰত বিশ্বাস আছে, গতিকে নিশ্চয় ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লব। তেওঁ লগতে কয় যে আমি সনাতন ধৰ্মৰ লোক হিচাপে আমি ক্ষান্ত নাথাকোঁ।

#বাৰ্তা ডেস্ক

You might also like