নিয়মীয়া বাৰ্তা, ১১ মে: মাজনিশা গৌৰীপুৰৰ বালাজানত ভয়ংকৰ অগ্নিকাণ্ড। বালাজান বজাৰৰ ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত। জুইত জাহ গল বহুলক্ষাধিক টকাৰ সা সামগ্ৰীৰ লগতে নগদ ধন। বালাজান আৰক্ষী চকীৰ ওচৰতে থকা এখন ফল মূলৰ দোকানৰ পৰায় জুইৰ সূত্ৰপাত হয়। ঘটনা স্থলীত উপস্থিত, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে বালাজান আৰক্ষী, স্থানীয় বিধায়ক। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। বালাজান বজাৰৰ সন্তোষ গোৱালা, বাপ্পী মালী, আমিনুল ইছলাম, সুজিত চন্দ্ৰ সৰকাৰ, ফুলবৰ আলী, আবু বক্কৰ, বাবলু ৰায়, নেকিবুৰ জামান, ৰফিকুল ইছলাম নামৰ স্বত্বাধিকাৰী কেইজনৰ দোকান ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।
প্ৰেৰক মোখলেছ ৰহমান