বকোৰ মৌমান সেৱাশ্ৰমত অগ্নিকাণ্ড : ৰবৰ-তামোল বাগান ভস্মীভূত
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ : কামৰূপ জিলাৰ বকোৰ মৌমানত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ভাৰত ত্যাগ আন্দোলনৰ মুক্তিযোদ্ধা বকোৰ জাৰাপাৰা নিবাসী প্ৰয়াত ভgৱন চন্দ্ৰ দাসৰ মৌমান সেৱাশ্ৰমত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। ভয়াৱহ অগ্নিকাণ্ডটোত সেৱাশ্ৰমখনৰ তামোল বাগানৰ ২০০০ ডাল তামোল গছৰ লগতে ৰবৰ বাগানৰ প্ৰায় ১০ বিঘা মাটিৰ ৰবৰ খেতি অগ্নিকাণ্ডত ভস্মীভূত হয় বুলি জানিব পৰি গৈছে। উল্লেখ্য যে সেৱাশ্ৰমখনৰ চোৱা চিতাৰ দ্বায়িত্ব পালন কৰা প্ৰয়াত মুক্তিযোদ্ধা ভুৱন চন্দ্ৰ দাসৰ পুত্ৰ পৰানজ্যোতি দাসে জনোৱা অনুসৰি এই অগ্নিকাণ্ডত সেৱাশ্ৰমখনৰ প্ৰায় দহ লক্ষ্যধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত হয়। অগ্নিকাণ্ড প্ৰত্যক্ষ কৰাৰ লগে লগে পৰানজ্যোতি দাসে বকো অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনী গৈ পোৱাৰ সময়লৈ ৰবৰ বাগানৰ প্ৰায় ১০ বিঘা মাটিৰ ৰবৰ খেতি আৰু তামোল বাগানখনৰ সম্পূৰ্নৰুপে জুইত ভস্মীভূত হয়। কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সেৱাশ্ৰম কৰ্তৃপক্ষই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পাই সেৱাশ্ৰমখনত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথ আৰু আৰক্ষী উপ পৰিদৰ্শক ননীগোপাল সৰকাৰসহ এটি আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয়।
প্ৰেৰক প্ৰীতম বায়ন