বিশেষ বাৰ্তা, ১৬ জুলাই : টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়াৰ ভাগত এখন চলন্ত ট্ৰাকত জুইৰ সূত্ৰপাত ঘটে। কাকজানৰ বনগাঁৱৰ সমীপত কোনোমতে চালকজনে ট্ৰাকখন ৰখাবলৈ সক্ষম হয় যদিও মুহূৰ্ততে দপদপাই জ্বলি উঠে। স্থানীয় লোকে তৎপৰতাৰে জুই নিৰ্বাপণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে টীয়ক অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। সন্মুখভাগৰ প্ৰায় ৭০ শতাংশ জুইত জাহ যোৱা ট্ৰাকখনৰ নম্বৰ ML-10B-9312। গুৱাহাটীৰ পৰা দুলীয়াজান অভিমুখে আহি থকা মালবাহী ট্ৰাকখনত অনা হৈছিল সুৰা। ঘটনা সংঘটিত হোৱাৰ সময়তে লাহদৈগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে হঠাৎ দপদপাই জ্বলি উঠা ট্ৰাকখনৰ পৰা জঁপিয়াই কোনোমতে প্ৰাণৰক্ষা কৰে চালক-হেণ্ডিমেনে।
প্ৰেৰক দিগন্ত হাজৰিকা