ৰূপহীহাটত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ৰূপহীহাটৰ কাঠপাৰা বজাৰত বিধ্বংসী অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয় ৷ কাঠপাৰা বজাৰৰ নজমুল ক্লথ ষ্টোৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো৷ দোকানখনৰ ভিতৰত জুই জ্বলি থকা প্ৰত্যক্ষ কৰে বজাৰখনৰ দোকানী সকলে৷ বজাৰখনত থকা দোকানীসকলে জুই দেখা পাই হুৱা-দুৱা লগাই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ যাৰ বাবে স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি জুই নুমাবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাত কথমপি ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বজাৰখনৰ অন্য দোকানসমূহ৷ বিদ্যুৎতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ উক্ত অগ্নিকাণ্ডৰ ফলত নজমুল ক্লথ ষ্টোৰৰ মালিক আব্দুল জব্বৰৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়৷ দোকানৰ মালিক আব্দুল জব্বৰে বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল কাপোৰৰ ব্যৱসায়৷ দোকানখনত অগ্নিকাণ্ডৰ ফলত সা-সামগ্ৰীসমূহ জুইত ভস্মীভূত হোৱাত মানসিকভাবে ভাগি পৰিছে আব্দুল জব্বৰ নামৰ ব্যৱসায়ীজন৷ স্থানীয় ৰাইজ আৰু দোকানৰ মালিক আব্দুল জব্বৰে চৰকাৰক আৰ্থিক সাহায্য দিবলৈ আহ্বান জনাইছে ৷
প্ৰেৰক জহিৰুল ইছলাম