নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত ভয়ানক অগ্নিকাণ্ড : কেইবালাখ টকাৰ ক্ষতিসাধন

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : গোৱালপাৰাৰ শিমলীতোলা কে এন মেধি ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্ছৰ কোৱাৰ্টাৰত শনিবাৰে দুপৰীয়া এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় | ভস্মীভূত হয় ধৰিত্ৰী ৰাভা নামৰ জিএনএমগৰাকীৰ কোৱাৰ্টাৰ আৰু ভিতৰৰ সকলো সামগ্ৰী। শ্বৰ্ট চাৰ্কিটৰ বাবেই জুই লগাৰ অনুমান সকলোৰে | ৰাইজৰ সহযোগত আৰক্ষীয়ে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও কেইবালাখ টকাৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডৰ ফলত | জুইত সৰ্বস্বান্ত হৈ কান্দি-কাটি অস্থিৰ হৈ পৰে পৰিয়ালৰ সকলো সদস্য | চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাতেই কোৱাৰ্টাৰত লগা জুয়ে পুৰি  সকলো ছাৰখাৰ কৰে। অগ্নিকাণ্ডক লৈ হাহাকাৰ লাগে অঞ্চলজুৰি | অৱশেষত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে বহু কষ্ট কৰি কোনোমতে অগ্নি নিৰ্বাপণ কৰে যদিও ইতিমধ্যে সকলো পুৰি ছাই হয় | স্মৰ্তব্য যে জুই নুমুওৱাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহন|

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like