নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ শাক-পাচলিৰ বজাৰত জুই, প্ৰশাসন গভীৰ নিদ্ৰাত

বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ দৈনিক বজাৰত শাক-পাচলিৰ দাম বৃদ্ধি পাইছে। কৃষিপ্রধান অঞ্চলটোত প্রায়বিধ পাচলিয়েই স্থানীয় খেতিয়কে উৎপাদন কৰে যদিও বজাৰত সামগ্ৰীৰ দামত গ্রাহকে জলা-কলা খাব লগা হৈছে। নগৰখনৰ দৈনিক বজাৰত বর্তমান শ্বিলঙৰ নতুন আলুৰ দাম ৭০ টকা, পিঁয়াজ ৬০ টকা, আদা-নহৰু ২০০ টকা, লেচেৰাৰ দাম ৭০-৮০ টকা, বিলাহী ৭০ৰ পৰা ৮০ টকালৈকে বৃদ্ধি পাইছে। সেইদৰে ফুলকবি ৫০ ৰ পৰা ৬০ টকা, বেঙেনা ৮০- ৯০ টকা, গাজৰ ৮০ৰ পৰা ১০০ টকা, তিতা কেৰেলা ৭০-৮০ টকা, কেঁচা মটৰ ১০০ ৰ পৰা ১২০ টকা, উৰহি ৭০-৮০ টকা, ভেন্দী ১০০ টকা, ওলকবি ৪০ ৰ পৰা ৫০ টকা পর্যন্ত বিক্ৰী হৈছে। ইয়াৰে আলুৰ বজাৰত বেলেগ বেলেগ দামে গ্রাহকক বিভ্রান্ত কৰিছে। কলকতাৰ পৰা অহা আলুৰ দাম ৩০-৩৫ টকা আৰু জলন্ধৰৰ আলুক বিহাৰৰ আলু বুলি ৪০-৫০ টকা দৰত বিক্ৰী কৰি একাংশ ব্যৱসায়ীয়ে গ্রাহকক মাধমাৰ শোধাই থকা দেখা গৈছে। লক্ষণীয় কথাটো হৈছে ইয়াৰে স্থানীয়ভাৱে উৎপাদিত ফুলকবি ২০-২৫ টকাত ক্ৰয় কৰি গ্ৰাহকক ৪০ টকালৈকে মুনাফা আদায় কৰি বিক্ৰী কৰা হৈ আছে। তেনেদৰে স্থানীয়ভাৱে কৃষকে উৎপাদিত সামগ্রীও গ্রাহকে উচ্চ হাৰত কিনিছে যদিও তাৰ সুফল কৃষকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিলাহীৰ ক্ষেত্ৰতো নিশাটোৰ ভিতৰতে ৰাসায়নিক দ্রব্য প্রয়ােগ কৰি কেঁচা বিলাহীক ৰঙা কৰি বিক্ৰী কৰি থকা বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতো জিলা প্ৰশাসন এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰাত ৰাইজে সমালোচনা কৰিছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like