ডিব্ৰুগড়ত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা
নিয়মীয়া বাৰ্তা ১৮ মেঃ আজি ডিব্ৰুগড়ত এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। এচএচবিৰ অৱসৰ প্ৰাপ্ত জোৱান সঞ্জয় দাসে গুলীয়ালে পত্নী, আৰু পুত্ৰক । ঘটনাটো সংঘটিত কৰি পলায়ন কৰে প্ৰাক্তন জোৱানজনে। অভিযুক্ত সঞ্জয় দাসৰ ঘৰ ডিব্ৰুগড় জিলাৰ শুকান পুখৰীত। সঞ্জয় দাসৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে গুলী চালনা কৰে পত্নী আৰু পুত্ৰক। পুত্ৰ বিচনাত শুই থাকোতে আৰু পত্নী ৰান্ধনী ঘৰত থাকোতে গুলীচালনা কৰে সঞ্জয়ে। জোৱান জনৰ পত্নীৰ নাম স্বপনা দাস আৰু পুত্ৰৰ নাম নৱজ্যোতি দাস।
গুলীবিদ্ধ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুত্বৰভাৱে আহত পত্নী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
ঘটনাস্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড় জিলা আৰক্ষীয়ে।
আনহাতে অঞ্চলটোৰ স্থানীয় লোকে কয় যে অভিযুক্ত সঞ্জয় দাস সুৰা আৰু জুৱাত আসক্ত আছিল।