মাতৃ-সন্তানৰ মাজত যি সম্পৰ্ক, পঢ়ুৱৈ-গ্ৰন্থৰ মাজতো একেই সম্পৰ্কঃ মাজুলী মহাবিদ্যালয়ত প্ৰথম গ্ৰন্থমেলাত সপোনজ্যোতি ঠাকুৰ
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ‘মানুহৰ চিন্তাক লিপিবদ্ধ কৰি ৰখা আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে কিতাপ। গ্ৰন্থৰ ভৱিষ্যৎ কেতিয়াও শেষ হৈ নাযায় । মাতৃ আৰু সন্তানৰ মাজত যি সম্পৰ্ক, পঢ়ুৱৈ আৰু কিতাপৰ মাজতো ঠিক একেই সম্পৰ্ক।’ আজি মাজুলী মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনি উদ্বোধন কৰি অসমৰ বিশিষ্ট নাট্যকাৰ সপোনজ্যোতি ঠাকুৰে এইদৰে বক্তব্য আগবঢ়ায়। মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াই। মহাবিদ্যালয়ৰ ছাত্ৰী ধৃতিময়ী শইকীয়াৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনিত সভাপতিত্ব কৰি অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় যে মানৱ সভ্যতাৰ সৃষ্টিৰ মূলতেই আছে কিতাপ। মানুহে যেতিয়া নিজৰ জ্ঞান, চিন্তা আৰু কল্পনাসমূহ লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই সভ্যতাৰ আৰম্ভণি হ’ল । সেই সভ্যতাক ক্ৰমোৎকৰ্ষৰ পক্ষত আগুৱাই লৈ গৈ থাকে গ্ৰন্থই । এইদৰেই তেখেতে গ্ৰন্থমেলাখনিত গ্ৰন্থৰ সুৱাস ল’বলৈ সকলোকে অনুৰোধ জনায় । সভাত আমন্ত্ৰিত হিচাপে উপস্থিত থাকি মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, ৰামধনু শাখা সাহিত্য সভাৰ সভাপতি জগত দুৱৰীয়া, অসম কলেজ শিক্ষক সংস্থা, মাজুলী মণ্ডলৰ সভাপতি ডঃ ৰাজেন বৰা , মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰশাসনিক সমন্বয়ক ডঃ আনন্দ হাজৰিকা, প্ৰাক্তন অধ্যাপক জিতেন ডেকা, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় মাজুলীৰ অধ্যক্ষ হিতেশ দাস, জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, অৱসৰী অধ্যাপক অমৃতেশ্বৰ চুতীয়া আদিয়ে নিজা ভাষণ আগবঢ়ায়। আজিৰ অনুষ্ঠানতে বিশিষ্ট সংগীতশিল্পী, শিক্ষয়িত্ৰী মৃদুলা দেৱীৰ কাব্যসংকলন ‘ইয়াত এখন নদী আছিল’ উন্মোচন কৰে অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। উল্লেখযোগ্য যে গ্ৰন্থমেলাখনিত ৰাজ্যৰ কেইবাটাও প্ৰখ্যাত গ্ৰন্থবিপণীৰ লগতে অসমৰ বাহিৰৰ বিপণীয়েও অংশগ্ৰহণ কৰিছে। গ্ৰন্থমেলা উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰত্যেকখন বিপণীকে আৰম্ভণিতে সম্বৰ্ধনা জনোৱা হয়। অধ্যাপক তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনিৰ অন্তত শলাগ জ্ঞাপন কৰে অধ্যাপক ডঃ ব্ৰজেন চন্দ্ৰ নেওগে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড