নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : অসম জাতীয় পৰিষদৰ নৱগঠিত নলবাৰী জিলা সমিতিৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । নলবাৰী শংকৰদেৱ বিবাহ ভৱনৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে নৱনিযুক্ত সভাপতি নগেন ডেকাই । জিলা সমিতিৰ সম্পাদক চন্দন কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত পুনৰ গঠিত জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হেমন্ত কুমাৰ হালৈ, জাতীয় কৃষক শক্তিৰ কেন্দ্ৰীয় সম্পাদক শান্তনু কলিতা, জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ৰাজীৱ ভূঞা উপস্থিত থাকে। কৃষক নেতা শান্তনু কলিতাই জিলা সমিতিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা সদস্যসকলক শুভেচ্ছা জনায় আৰু দলৰ হৈ নি:স্বাৰ্থভাৱে কাম কৰিবলৈ আহ্বান জনায় । যুৱ নেতা ৰাজীৱ ভূঞাই অসম জাতীয় পৰিষদত যুৱ শক্তিৰ ভূমিকা সম্পৰ্কে বুজাই দিয়ে। যুৱক-যুৱতীসকলক দলৰ হৈ ৰাইজৰ মাজত সোমাবলৈ আহ্বান জনায়। এজেপি নেতা নগেন ডেকাৰ জনপ্ৰিয়তা নলবাৰীত এতিয়াও অক্ষুণ্ণ আছে বুলি কৈ যুৱ নেতা ভূঞাই জিলা সমিতিখনক শক্তিশালী কৰিবলৈ সকলোকে উঠি-পৰি লাগিবলৈ পৰামৰ্শ আগবঢ়ায় । সভাত উপস্থিত থকা কেইবাগৰাকী কাৰ্যনিৰ্বাহক সদস্যই দলৰ বুথ আৰু আঞ্চলিক সমিতিসমূহ দুৰ্বল হৈ আছে বুলি মন্তব্য কৰি এই সমিতিসমূহ শক্তিশালী কৰি তুলিবলৈ জিলা নেতৃবৃন্দক আহ্বান জনায় । সভাৰ শেষত সভাপতি নগেন ডেকাই জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিতে বুথ আৰু আঞ্চলিক সমিতিসমূহ অচিৰেই গঠন কৰিব বুলি কয় আৰু লগতে অসম জাতীয় পৰিষদ দলত যুৱ আৰু মহিলা শক্তিক প্ৰাধান্য দিব বুলি মন্তব্য কৰে ।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like