🔹 ১০ জুলাইৰ পৰা প্রথম গুৱাহাটী শিশু মহোৎসৱ
🔹 প্রকাশন পৰিষদৰ উদ্যোগ
🔹 শিশুগ্রন্থৰে আয়োজন কৰা হ’ব গ্রন্থমেলা : অনুষ্ঠিত হ’ব কর্মশালা
বিশেষ বাৰ্তা, ২৯ মে’ : শিশুৰ জ্ঞানবর্ধনক মূল লক্ষ্য হিচাপে লৈ অসম প্রকাশন পৰিষদে অহা ১০ জুলাইৰ পৰা ২০ জুলাইলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত প্রথমবাৰৰ বাবে আয়োজন কৰিছে ‘গুৱাহাটী শিশু মহোৎসৱ–২০২৫’৷ অসম প্রকাশন পৰিষদৰ বামুণীমৈদামস্থিত কার্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন কৰি অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই কথা প্রকাশ কৰে৷ অসম প্রকাশন পৰিষদৰ উদ্যোগত আয়োজিত হ’ব লগা এই শিশু মহোৎসৱৰ প্রস্তুতি সম্পর্কে জানিবলৈ দি সচিব কলিতাই কয়– ইতিমধ্যে ১১দিনীয়া এই মহোৎসৱৰ প্রতিটো দিনৰ কার্যসূচী প্রস্তুত কৰা হৈছে৷ পৰিকল্পিত কার্যসূচী অনুসৰি, ১০ জুলাইৰ দিনৰ ১১ বজাত মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক আমন্ত্রণৰ ব্যৱস্থা কৰা হৈছে৷ ছাত্র–ছাত্রীসকলৰ প্রতিভা বিকাশৰ প্রতি লক্ষ্য ৰাখি মহোৎসৱৰ ভিন্ন শিতানত প্রতিদিনে কর্মশালাৰ আয়োজন কৰা হ’ব৷ নৃত্য, মূকাভিনয়, চিত্রাংকন, নাটক, সংগীত, যোগাসন আদি বিষয়ত এই কর্মশালা অনুষ্ঠিত হ’ব৷ নির্দিষ্ট বিষয়ৰ অভিজ্ঞ ব্যক্তিক সমল ব্যক্তি হিচাপে দায়িত্ব অর্পণ কৰি ছাত্র–ছাত্রীসকলক প্রশিক্ষণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এই কর্মশালাৰ অংশগ্রহণকাৰীসকলৰ বাবে প্র–পত্রও প্রস্তুত কৰা হৈছে৷ দ্বিতীয় শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ ইচ্ছুুক ছাত্র–ছাত্রীসকলে কর্মশালাত যোগদানৰ বাবে এই প্র–পত্র পৰিষদৰ ৱেৱছাইটৰ পৰা ডাউনলোড কৰি অথবা কার্যালয়ৰ পৰাও সংগ্রহ কৰিব পাৰিব৷ ছাত্র–ছাত্রীসকলে কোনটো শিতানৰ কর্মশালাত অংশগ্রহণৰ বাবে আগ্রহী, সেই কথা উল্লেখ কৰি ১০০ টকা ভর্তি মাচুল আদায় দি নামভর্তি কৰিব লাগিব৷ শিক্ষার্থীসকলে কর্মশালাত অংশগ্রহণৰ বাবে ৱেৱছাইটৰ পৰা ২৮ মে’ৰ পৰা প্র–পত্র সংগ্রহ কৰি ১৫ জুনৰ ভিতৰত অসম প্রকাশন পৰিষদৰ বামুণীমৈদামস্থিত কার্যালয়ত দাখিল কৰিব লাগিব৷ কর্মশালাৰ যোগদানকাৰীসকলৰ বাবে আটাইকেইদিনতে দুপৰীয়া লঘু আহাৰৰ ব্যৱস্থা থাকিব৷ ছাত্র–ছাত্রীসকলৰ কর্মশালাৰ উপৰি প্রতিদিনে সন্ধিয়া বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ দ্বাৰা স্ব–প্রতিভা বিকাশৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ সচিব কলিতাই সংবাদ মেলত আৰু জানিবলৈ দিয়া মতে, এই শিশু মহোৎসৱত শিশু উপযোগী গ্রন্থৰ বিপণীৰে (শিশু গ্রন্থমেলা) আয়োজন কৰা হ’ব৷ এই শিশু গ্রন্থমেলাত অংশগ্রহণ কৰিবৰ বাবে সুকীয়া প্র–পত্র প্রকাশন পৰিষদৰ ৱেৱছাইটত উপলব্ধ হ’ব৷ শিশু গ্রন্থমেলাত অংশগ্রহণ কৰিব বিচৰাসকলে ৱেৱছাইটযোগে ২৮ মে’ৰ পৰা প্র–পত্র সংগ্রহ কৰি ১৫ জুনৰ ভিতৰত অসম প্রকাশন পৰিষদৰ বামুণীমৈদামস্থিত কার্যালয়ত দাখিল কৰিব লাগিব৷ উল্লেখ্য যে শিশু গ্রন্থমেলাত বিপণী কেৱল প্রকাশকেহে দিব পাৰিব আৰু বিপণীত শিশুগ্রন্থহে উপলব্ধ হ’ব লাগিব৷ এই কার্যসূচীসমূহৰ উপৰি আলোচনা–সত্র, অন্তৰংগ আলাপ আদি অনুষ্ঠানৰো ব্যৱস্থা কৰা হ’ব৷