নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জানুৱাৰীঃ দেশত ধাৰাবাহিকভাৱে এইচএমপিভি ভাইৰাছৰ সংক্ৰমণ সংঘটিত হৈ আছে। ইফালে অসমতো এটা সংক্ৰমিতৰ ঘটনা পোহৰলৈ আহিছে। ধেমাজিত ১০ মহীয়া শিশু এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান শিশুটি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছে। চিকিৎসকে কয় যে শিশুটিৰ অৱস্থা সুস্থিৰ আৰু চিন্তাৰ কোনো কাৰণ নাই। এই ৰোগীৰ সৈতে দেশত হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) আক্ৰান্তৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে। সৰ্বাধিক ৪জন আক্ৰান্ত হৈছে গুজৰাটত। শুকুৰবাৰে ৰাজস্থান আৰু গুজৰাটত এটাকৈ ৰোগী ধৰা পৰে। ইয়াৰ পূর্বে বৃহস্পতিবাৰে ৩টাকৈ ক’ভিড আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷
Next Post
You might also like