নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিজটাউনত আজি ভাৰত-ৱেষ্টইণ্ডিজৰ প্রথম এদিনীয়া

বিশেষ বাৰ্তা, ২৭ জুলাইঃ ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ আৰু টীম ইণ্ডিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো আজিৰ পৰা আৰম্ভ হ’ব৷ আজি বার্বাডোজৰ ব্রিজটাউনত শৃংখলাৰ প্রথমখন মেচ অনুষ্ঠিত হ’ব৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই এদিনীয়া শৃংখলাটোৰ জৰিয়তে আসন্ন এদিনীয়া বিশ্বকাপলৈ সাজু হোৱাৰ লক্ষ্য লৈছে ভাৰতীয় ক্রিকেট দলটোৱে৷ এদিনীয়া শৃংখলাটো ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ বাবে বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ এই এদিনীয়া শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰি এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতীয় দলটোত স্থান নিগাজি কৰাৰ সুন্দৰ সুযোগ লাভ কৰিব ভাৰতীয় খেলুৱৈসকলে৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোত ব্যর্থ হোৱা মানেই এদিনীয়া বিশ্বকাপত ভাৰতীয় দলটোৰ পৰা বাদ পৰাৰ সম্ভাৱনাই অধিক৷ ইপিনে, এই এদিনীয়া শৃংখলাটোৰ জৰিয়তে আগন্তুক এছিয়া কাপৰ বাবেও ভাৰতীয় দলটোৰ কম্বিনেচন চূড়ান্ত কৰাৰ লক্ষ্য লৈছে দলীয় মেনেজমেণ্টে৷ শেহতীয়াভাৱে দুর্বল ফর্ম দাঙি ধৰা সূর্য কুমাৰ যাদৱৰ বাবে এদিনীয়া শৃংখলাটো বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ’ব৷ ইফালে, তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলিব দুই প্রতিভাৱান উইকেটৰক্ষক ঈশান কিশন আৰু সঞ্জু ছেমচনৰ৷ ইফালে, টেষ্ট শৃংখলাত ব্যর্থ হ’লেও এদিনীয়া শৃংখলা দখল কৰাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ৷ ছিমৰন হেটমায়াৰ আৰু অ’ছানে থমাছৰ প্রত্যাৱর্তনে ঘৰুৱা দলটোৰ শক্তি বহুখিনি বৃদ্ধি কৰি তুলিব৷ খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like