নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ইলিচৰ জোৱাৰ : চৰকাৰী নিষেধাজ্ঞাক আওকণ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ধুবুৰীৰ বৰলুইতত এতিয়া ইলিচ মাছৰ উজান উঠিছে। সাধাৰণতে বৰলুইতত এই বিধ মাছ পোৱা নাযায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ  জালত যথেষ্ট পৰিমাণে ইলিচ পৰিবলৈ লোৱা দেখা গৈছে। উল্লেখ্য যে, প্ৰতিবছৰে মাৰ্চ আৰু অক্টোবৰ মাহত ১০/১২ দিনৰ বাবে এইদৰে নৈখনত ইলিচৰ উজান উঠে দৰাচলতে হেৰিং প্ৰজাতিৰ এই সাগৰীয় মাছে কণী দিবলৈ মাৰ্চ আৰু অক্টোবৰ মাহত  জাকে জাকে আহি মোহনাৰে বৰলুইতত প্ৰৱেশ কৰাৰ বাবেই সেই সময়চোৱাত  নৈখনত ইলিচৰ উজান উঠা বুলি অনুমান কৰা হৈছে। সাধাৰণতে  ইফালে ৰসনৰা বাবে প্ৰতিবছৰে বৰলুইতত  কণী দিৱলৈ অহা ইলিচকে ধৰি পোৱালী মাছৰ অৱাধ নিধনৰ ফলত জীৱনচক্ৰত অহা জটিলতাৰ বাবে এসময়ত এইবিধ প্ৰজাতিৰ ইলিচৰ সম্পূৰ্ণৰূপে বিলুপ্তি ঘটাৰো আশংকাও কৰি অহা পোৱা গৈছে ভূৰখা বহুতেই। উল্লেখ্য যে, ইলিচ মাছৰ এই প্ৰজাতি বিধৰ বিলুপ্তি ৰোধ কৰাৰ স্বাৰ্থত ২০১৭ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাজ্যিক মীন সঞ্চালকালয়ে ধুবুৰীৰ উপৰিও গোৱালপাৰা, বঙাইগাওঁ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তক প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ। এএফ(এছ) ১৫২/২০১৬-১৭/৮৯৯৯-৯০০৪ মেমো নম্বৰৰ সেই পত্ৰথনত এপ্ৰিলৰ পৰা জুন আৰু অক্টোবৰ পৰা জানুৱাৰী মাহলৈ মাছবিধ ধৰা বন্ধ কৰাৰ সময় সমাগত হৈ পৰা বুলি স্পষ্টভাৱে উল্লেখ আছিল। সেই পত্ৰ লাভ কৰাৰ পিছত  ২০১৭ চনৰ ৩১ অক্টোবৰৰ দিনা ধুবুৰী জিলা প্ৰশাসনে জিলাখনৰ মীন উন্নয়ন বিষয়াক প্ৰেৰণ কৰিছিল এখন পত্ৰ। ডিআৰএফ/৪৩/২০১৪/৩১১ মেমো নম্বৰৰ সেই পত্ৰখনত  ইলিচৰ উৎপাদন বৃদ্ধিৰ স্বাৰ্থত ২৩ চেন্টিমিটাৰৰ তলৰ দৈৰ্ঘৰ ইলিচ মাছ ধৰা আৰু অধিক হাৰত ইলিচ মাছ মৰাৰ ৰোধ কৰাৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ধুবুৰী বৰলুইতত ইলিচৰ জোৱাৰ উঠাৰ লগে লগে চৰকাৰী সেই নিষেধাজ্ঞাক ফুটুকাৰ ফেণত পৰিণত কৰি স্থানীয় মাছৰ বজাৰ সমূহত কণী থকা মাছকে ধৰি সৰু সৰু পোৱালী ইলিচ মাছো বিক্ৰী কৰা হৈ থকাহে পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ধুবুৰীত বৰ্তমানে আধা কেজি ওজনৰ তলৰ ইলিচ মাছ কেজি প্ৰতি ৪/৫শ টকাত বিক্ৰী হৈ থকাৰ বিপৰীতে ৫/৬শ গ্ৰাম উপৰৰ ওজনৰ ইলিচ (আকাৰ ভেদে)কেজিত ৭/৮শ টকাৰ পৰা ১২/১৪ শ দৰত বিক্ৰী হৈ আছে। ইপিনে শেহতীয়াকৈ কেৱল গুৱাহাটী বা ৰাজ্যৰ অন্যান্য প্ৰান্তলৈ কেৱল নহয়; চুবুৰীয়া পশ্চিমবঙ্গলৈও ধুবুৰীৰ পৰা ইলিচ মাছ পঠিয়াই থকা হোৱা বুলিও স্থানীয় মাছমৰীয়া সূত্ৰে জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like