নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বিঘা মাটিকালিৰ পুখুৰীত মীনপালন : বছৰি আয় ৫০ লাখৰো অধিক

দীপেন ভিতৰুৱাল কোঁৱৰৰ প্ৰতিবেদনঃ সেয়া ২০১০ চনৰ কথা ৷ শিক্ষিত আৰু আঢ্যৱন্ত পৰিয়ালৰ যুৱকজনৰ ব্যতিক্ৰমী এক বাটেৰে যোৱাৰ দুৰন্ত হেঁপাহ৷ ধনে- জনে উভৈনদী পিতৃ নবীন চন্দ্ৰ দলে আৰু মাতৃ মালতী দলেৰ অহৰহ সপোন পুত্ৰই ভাল চাকৰি লৈ শীঘ্ৰে সংস্হাপিত হ’ব ৷ পিছে সোঁতৰ বিপৰীতে যাবলৈ বিচৰা ল’ৰাজনে সকলো প্ৰত্যাহ্বান বুকুত বান্ধি অৱশেষত বহু চিন্তা-চৰ্চাৰ অন্তত ককা-দেউতাকৰ বিশাল মাটিখিনিত এক কৰ্ম যজ্ঞ সূচনা কৰাৰ পণ লৈ প্ৰথমতে কম পৰিসৰতে আৰম্ভ কৰিলে মীন পালন ৷ আজিৰ পৰা পোন্ধৰ বছৰ পূৰ্বে মীন খেতিৰে কৃষি কৰ্ম পাতনি মেলা সেই যুৱকজন বৰ্তমান অসমৰ এজন অতি সফল মীন খেতিয়ক ৷ বছৰত অতি কমেও ৫০ লক্ষাধিক টকাৰ আয় কৰা এই প্ৰতিষ্ঠিত মীন খেতিয়কজনেই হ’ল গিৰিজা প্ৰসাদ দলে ৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ লটাক গাঁৱৰ প্ৰায় আঢ়ৈশ বিঘাৰ বিশাল এলেকাত তেওঁৰ সমন্বিত কৃষি পাম ৷ ইয়াৰে প্ৰায় এশ বিঘা মাটিৰ কেইবাটাও পুখুৰীত বিজ্ঞানসন্মতভাৱে দীৰ্ঘদিন ধৰি মীন পালন কৰি আহিছে গিৰিজা প্ৰসাদ দলেয়ে৷ সাধাৰণতে তেওঁ বাহু, মিৰিকা, গ্ৰাছকা, চিলভাৰ, কমনকাৰ্পৰ উপৰি থলুৱা প্ৰজাতিৰ শিঙি, মাগুৰ, কাৱৈ মাছ উৎপাদন কৰি আহিছে৷ মাছৰ আহাৰৰ বাবে দৈনিক কমেও ৫ হাজাৰ টকা ব্যয় কৰা দলেয়ে সাধাৰণতে জানুৱাৰী মাহৰ পৰা মাছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু ট্ৰাকে ট্ৰাকে গুৱাহাটীলৈ মাছ প্ৰেৰণ কৰে। লক্ষ্যণীয় যে তেওঁৰ উৎপাদিত মাছ অতি সুস্বাদুৰ বাবে কোনোদিনে বজাৰৰ অভাৱ হোৱা নাই। বিপৰীতে চাহিদাৰ অনুযায়ী তেওঁ মাছহে যোগাৰ দিব নোৱাৰে৷ ভাৰতৰ বিভিন্ন ঠাইত কেইবাবাৰো মীন পালনৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰা গিৰিজা প্ৰসাদ দলেয়ে যোৱা কিছুবছৰৰ পৰা মাছ উৎপাদনৰ লগতে নিজস্বভাৱে মাছৰ পোনা উৎপাদন কৰি পোনা ব্যৱসায়ত সফলতা লাভ কৰি আহিছে৷ শেহতীয়াকৈ সফল মীন খেতিয়কজনে একেটা পুখুৰীত একে সময়তে তিনিতৰপীয়া মীন খেতি কৰাৰ নিজাববীয়াকৈ এক পদ্ধতি উদ্ভাৱন কৰি সেয়া প্ৰয়োগ কৰিছে আৰু কৃতকাৰ্যতাও লাভ কৰিছে৷ অদূৰ ভৱিষ্যতে কম খৰছত অধিক মাছ উৎপাদন কৰিব পৰা পদ্ধতি উলিওৱাৰ লক্ষ্য থকা গিৰিজা প্ৰসাদ দলেয়ে প্ৰায় ডেৰশ বিঘালৈ তেওঁৰ মীনপামখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য যে দলেয়ে কেৱল মীন খেতিতে আৱদ্ধ নাথাকি তেওঁ সমন্বিত কৃষি কাৰ্যত গুৰুত্ব আৰোপ কৰে আৰু অন্য আঢ়ৈ শ বিঘা মাটিত উচ্চজাতৰ ধান খেতিৰ উপৰি বিভিন্নধৰণৰ ঋতুকালীন শাক পাচলি উৎপাদন কৰে ৷ বৰ্তমান খেতিয়কজনৰ দৃষ্টিনন্দন বিশাল বাৰীত ১৩০০ জোপা ড্ৰেগন ফল, ৩ শতাধিক মেহগনি গছ, কেইবাশতাধিক বগা চন্দন গছ , কেইবাশতাধিক আপেল বগৰী, সুমথিৰা টেঙা, মধুৰি, ক’লা জামুকে ধৰি বিভিন্নধৰণৰ ফলৰ গছেৰে পৰিপূৰ্ণ হৈ আছে৷ ইপিনে প্ৰায় ৩ হাজাৰ তামোল গছ থকা তামোলবাৰীৰ পৰাও বছৰত তেওঁ বৃহৎ অংক আয় কৰে৷ সদায় পুৱতি নিশাতে শোৱা পাটি এৰাৰ অভ্যাস থকা গিৰিজা প্ৰসাদ দলেয়ে দিনটোৰ সিংহভাগ সময় কৃষি পামত ব্যয় কৰে ৷ কৰ্মঠ খেতিয়কজনে পৰিবাৰ ৰেখাজ্যোতি দলেৰ পৰা সততে সাহস আৰু প্ৰেৰণা লাভ কৰি আহিছে ৷ খুব কম দিনৰ ভিতৰতে বৃহৎ পৰিসৰত দুগ্ধপাম, মাংস পাম স্হাপন কৰাৰ লগতে আগ্ৰহীসকলৰ বাবে এক কৃষি প্ৰশিক্ষণ কেন্দ্ৰ গঢ় দিয়াৰ পৰিকল্পনা থকা ধেমাজিৰ সফল খেতিয়কজনে কৃষি পামখনত স্হায়ীভাৱে বহুকেইজন লোকৰ লগতে কেইবাটাও পৰিয়ালক কৰ্মসংস্থাপন দিছে৷ কৰ্ম সংস্কৃতিৰ অভাৱ থকা ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ বাবে গিৰিজা প্ৰসাদ দলে নিসন্দেহে এক ভাল নিদৰ্শন৷

You might also like