নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিছফেডৰ শীত-তাপ নিয়ন্ত্ৰিত মৎস্য বিপণী মুকলি

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : ৰাজ্যত স্বাস্থ্যসন্মত মৎস্য বিপণনৰ বাটকটীয়া ফিছফেডে আজি আন এটা নকৈ নিৰ্মিত শীত-তাপ নিয়ন্ত্ৰিত স্বাস্থ্যসন্মত মৎস্য বিপণন কেন্দ্ৰ ৰূপনগৰ সদৰ কাৰ্যালয় প্ৰাংগণত মুকলি কৰে। এই কেন্দ্ৰটি মুখ্যত: প্ৰাকৃতিক জলাশয়ত উপলব্ধ বিভিন্ন প্ৰজাতিৰ জীৱিত মৎস্য, মাছৰ পৰা প্ৰস্তুত মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্যসম্ভাৰ আৰু অলৱণীয় জলৰ মুকুতা বিপণনৰ বাবে সাজু কৰা হৈছে। ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানত বিত্ত, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দিলীপ কুমাৰ বৰাই কেন্দ্ৰটি মুকলি কৰে। তেওঁ ফিছফেডৰ এনে প্ৰয়াসৰ প্ৰশংসা কৰাৰ লগতে অনাগত দিনত সকলোকে স্বাস্থ্যসন্মত মৎস্য বিপণনৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনায়। তাৰ আগতে পৰিচালন সঞ্চালকগৰাকীয়ে ফিছফেডৰ শেহতীয়া স্থিতি, চলিত কাম-কাজ আৰু পৰৱৰ্তী পৰিকল্পনা অৱগত কৰে। অনুষ্ঠানত মীন বিভাগৰ সঞ্চালক নিৰ্মলকান্তি দেৱনাথ, ফিছফেডৰ উপাধ্যক্ষ দিল্লু শৰ্মা, যুটীয়া সঞ্চালক ড০ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, বিশ্ববেংক প্ৰকল্পৰ উচ্চপদস্থ বিষয়া ড০ সঞ্জয় শৰ্মা, সহকাৰী মীন তথ্য বিষয়া ৰাতুল শৰ্মা, ৰাজ্যিক মীন বিপণন বিষয়া ড০ ভগৱান কলিতা, মহকুমা মীন উন্নয়ন বিষয়া ৰবেন দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰি উদগনিমূলক বক্তব্য দাঙি ধৰে। পৰৱৰ্তী সময়ত ফিছফেডৰ তালিকাভুক্ত সমবায় সমিতিসমূহৰ সদস্য, প্ৰগতিশীল মীন পালক, বিভাগীয় বিষয়া-কৰ্মচাৰীক সামৰি স্বাস্থ্যসন্মত মৎস্য বিপণন সম্পৰ্কীয় এক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত মীন পৰিবহণৰ বাবে দুখন বাহনো মুকলি কৰা হয়। স্মৰ্তব্য যে বিশ্ববেংকৰ অৰ্থসাহায্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ আওতাৰে এই নৱনিৰ্মিত কেন্দ্ৰটি নিৰ্মাণ কৰা হৈছে। ফিছফেডে কাটি-বাছি ৰন্ধনৰ বাবে সাজু কৰা মাছ ঘৰতে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে। ফিছফেডৰ মৎস্য যোগানৰ বাবে ৯১০১৫৪১৭৭৬/৯৭০৬০৭৫৯৪৮/৯৮৬৪৩৫৫৫০১ বা www.fishfedassam.org নতুবা FISHFEDmartত যোগাযোগ বাঞ্ছনীয়। ফিছফেডৰ এনে প্ৰচেষ্টাক সংশ্লিষ্ট মহলে ভূয়সী প্ৰশংসা কৰিছে।

You might also like