নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : মাছ ধৰাৰ প্ৰতি যিসকলৰ বিশেষ ৰাপ আছে, তেওঁলোকৰ বাবে এটি সুখবৰ। সম্প্ৰতি অসমত জনপ্ৰিয়তা অৰ্জন কৰা বৰশী বোৱা প্ৰতিযোগিতা এইবাৰ ঢকুৱাখনাতো আয়োজন কৰিবলৈ দিহা কৰা হৈছে। অহা ৫ নৱেম্বৰত ঢকুৱাখনা মহকুমাৰ গন্ধীয়াৰ জোনবাই ক্লাৱৰ সৌজন্যত বৃহৎ আয়োজনেৰে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।গন্ধীয়াৰ খুটাপৰাত থকা এটা বৃহৎ পুখুৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে এই মাছ ধৰা প্ৰতিযোগিতালৈ প্ৰতিযোগীসকলে নিজাকৈ বৰশী আনিব লাগিব আৰু কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব ৷প্ৰতিযোগিতাৰ ভৰ্তি মাছুল ১৫০০ টকা ধাৰ্য কৰা হৈছে । উদ্যোক্তাসকলে জানিবলৈ দিয়ামতে নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত যিজন প্ৰতিযোগীয়ে সৰ্বোচ্চ ওজনৰ মাছটো ধৰিব পাৰিব তেওঁৱে প্ৰথম পুৰস্কাৰ লাভ কৰিব ৷ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰাৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিৰ পৰাও প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব দিছে। উল্লেখ্য যে, প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ’ল- প্ৰথম পুৰস্কাৰ ১ লাখ টকা, দ্বিতীয় ৫০ হেজাৰ টকা, তৃতীয় ২৫ হেজাৰ টকা আৰু নিচুকনি হিচাপে ৫ হেজাৰ টকাকৈ ৫টা পুৰস্কাৰ প্ৰদান কৰা হ’ব। প্ৰতিযোগিতাৰ বিতং তথ্য তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰতিযোগীসকলে ৭০০২৩-২২৫৮৬, ৮৬৩৮২-০৭৭২৩, ৯৩৬৫২-০৬১৪৩ আৰু ৬০০১৬-৯৬৫৯০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।
প্ৰেৰক পুলকজ্যোতি বৰা