বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : নাৰী নিৰ্যাতনৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি থকাৰ সময়তে চৰাইদেউ জিলাৰ বৰহাটত দুগৰাকী কিশোৰী দলবদ্ধ বলাৎকাৰৰ বলি হোৱা ঘটনা পোহৰলৈ অহাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মানৱ সমাজক লজ্জানত কৰা ঘটনাটো সংঘটিত হয় যোৱা ২৬ ছেপ্টেম্বৰত। ঘটনাৰ বিৱৰণী মতে, বৰহাট নগাকটাত ২৫ আৰু ২৬ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা কৰম সন্মিলন অনুষ্ঠিত হৈছিল। সন্মিলনত বৰহাটকে ধৰি বিভিন্ন অঞ্চলৰ পৰা সহস্ৰাধিক লোকৰ সমাগম ঘটিছিল। কৰম সন্মিলন চাবলৈ নগাকটাৰ সমীপৱৰ্তী বৰহাট নিৰবিল নগাকটা গ্ৰাণ্টৰ নাগ উপাধিৰ এজন লোকৰ পোন্ধৰ বছৰীয়া কন্যাগৰাকী একে গাঁৱৰে লগুন উপাধিৰ লোকজনৰ তেৰ বছৰীয়া জীয়েকৰ লগত ২৬ ছেপ্টেম্বৰৰ সন্ধিয়া গৈছিল। কৰম সন্মিলনতে দুয়োগৰাকী কিশোৰীয়ে লগ পাইছিল হেমন্ত তেলী নামৰ পূৰ্বৰ পৰিচিত এজন লোকক। পূৰ্বৰ চিনাকি সূত্রে হেমন্ত তেলীয়ে কিশোৰী দুগৰাকীৰ লগত কথা-বতৰা পাতে আৰু তাৰে এগৰাকীৰ লগত প্ৰেমৰ ছলনাৰে বিয়া পতাৰ প্ৰস্তাৱ দিয়ে। আনহাতে, হেমন্ত তেলী এগৰাকী বিবাহিত লোক। হেমন্ত তেলীয়ে ছলাহী কথাৰে কিশোৰী দুগৰাকীক বৰহাট চাহ বাগিচাৰ আঠ নং লাইনলৈ লৈ যায়। তাতে পূৰ্বৰে পৰা ৰৈ থকা হেমন্ত তেলীৰ লগৰ আন পাঁচজন যুৱকে কিশোৰী দুগৰাকীক বলপূর্বক মুখত সোপা দি চাহ বাগিচাৰ ভিতৰলৈ নিয়ে। বাগিচাখনৰ ভিতৰতে হেমন্ত তেলীসহ আন পাঁচজন যুৱকে কিশোৰী দুগৰাকীক বলাৎকাৰ কৰে। ঘটনাটোৰ বিষয়ে ঘৰত বা আনৰ আগত নক’বলৈ লম্পট যুৱককেইজনে কিশোৰী দুগৰাকীক প্ৰাণেমৰাৰ ভাবুকি দিয়ে। লম্পট যুৱককেইজনৰ ভাবুকিত কিশোৰীকেইগৰাকীয়ে দুদিন ধৰি ঘটনাটোৰ বিষয়ে ঘৰত কোৱা নাছিল যদিও মানসিক যাতনাত পৰি কালি ঘটনাটোৰ বিষয়ে ঘৰত অৱগত কৰে। বৃহস্পতিবাৰে নির্যাতিত দুগৰাকীৰ অভিভাৱকসকলে বৰহাট থানাত ঘটনাটো অৱগত কৰে। কিন্তু দুখীয়া শ্রমিক পৰিয়ালকেইটাই লিখিত এজাহাৰ প্ৰদান কৰিব নোৱাৰাত বৰহাট আৰক্ষীয়ে তেওঁলোকক ওভতাই পঠিয়ায়। কালি পুনৰ নিৰ্যাতিত পৰিয়ালে ঘটনা সন্দৰ্ভত বৰহাট থানাত লিখিতভাৱে এজাহাৰ দাখিল কৰে। ইতিমধ্যে বৰহাট আৰক্ষীয়ে বলাৎকাৰৰ ঘটনাটোৰ লগত জড়িত পাঁচজন লোকক কালি গ্ৰেপ্তাৰ কৰে। বৰহাট আৰক্ষীয়ে হেমন্ত তেলী, নচিব মাঝি, গুডলু ভূমিজ, মনোজ ছত্ৰীয়া, আৰু পিতকাক গ্ৰেপ্তাৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে সোণাৰি থানালৈ প্ৰেৰণ কৰে। শেহতীয়াকৈ আন এজন অভিযুক্ত পুচনো পাত্ৰক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। ইপিনে, আটাইকেইটা লম্পটক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে জিলাখনৰ বিভিন্ন দল-সংগঠনে ।
প্ৰেৰক দীপাংকৰ পাল