নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষ্ণু ৰাভা দিৱসত খৈৰাবাৰীত পাঁচখন গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২০ জুন: বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪সংখ্যক স্মৃতি দিৱসত আজি খৈৰাবাৰীত দুগৰাকী বিশিষ্ট লেখকৰ পাঁচ খনকৈ মূল্যৱান গ্ৰন্থ উন্মোচন কৰা হয়। শংকৰদেৱ শিশু নিকেতন, খৈৰাবাৰীৰ প্ৰেক্ষাগৃহত খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় গ্ৰন্থকেইখন। খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা তথা স্নাতক মহলাৰ ৰাজনীতি বিজ্ঞানৰ একাধিক পাঠ্যপুথিৰ প্ৰণেতা সুৱৰ্ণ দেৱীৰ ‘চিন্তন প্ৰবাহ’ আৰু ডেৰকুৰিৰো অধিক গ্ৰন্থৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক পুনু ৰাম কলিতাৰ ‘সংগ্ৰামী সতীৰ্থ’, ‘ছিলঙৰ সপোন’, ‘পত্ৰৰ সুৱাস’ আৰু ‘ জ্ঞানৰ জেউতি’ শীৰ্ষক গ্ৰন্থ কেইখন এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱব্ৰত সেন, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযন্তা দয়া ৰাম নাথ, নিখিল ৰাভা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিষ্ণু প্ৰিয়ম ৰাভা, সাৰংগ সাহিত্য সভাৰ সভাপতি খৰ্গেশ্বৰ ডেকা আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ঋষি ৰাম বড়োৱে । গ্ৰন্থ উন্মোচন কৰি ড° দেৱব্ৰত সেনে কয় যে গ্ৰন্থই মানুহৰ মাজত সদায় এক ইতিবাচক বাৰ্তা দিয়ে । এখন সুস্থ সমাজ নিৰ্মাণত, ছাত্ৰ-ছাত্ৰীৰ জীৱন আৰু ব্যক্তিত্ব গঢ়াত অপৰিসীম অৰিহণা যোগাই আহিছে গ্ৰন্থই । ইপিনে লেখিকা সুৱৰ্ণ দেৱীয়ে সমসাময়িক প্ৰাসংগিক বিষয়-বস্তুক লৈ লিখা তেওঁৰ গ্ৰন্থ খনে পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰি কয় যে ইন্টাৰনেটৰ আগ্ৰাসনে পঢ়ুৱৈৰ সংখ্যা কিছু কমাইছে যদিও মানুহৰ মাজত গ্ৰন্থৰ আদৰ সদায় থাকিব। খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত ৰামধেনু সাহিত্য চক্ৰৰ সভাপতি ফজলুল হক চৌধুৰী, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড° উত্তম কলিতা, নৃপেশ কলিতা, কমল ৰয়, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক মলাৰাম বড়োকে ধৰি ভালেসংখ্যক নেতৃস্থানীয় লোক উপস্থিত থাকে । ইয়াৰ পূৰ্বে পুৱাৰ ভাগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ সহায়িকা ৰূপালী শইকীয়াই। ইয়াৰ লগে লগে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন আৰু বিষ্ণু সংগীত প্ৰতিযোগিতা ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like