নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত দুই ভাই-ককাইকে ধৰি ৫ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

🔹 এবছৰত মৰিগাঁৱত গ্ৰেপ্তাৰ ২১৭ চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : মৰিগাঁও আৰক্ষীৰ পুনৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান। যোৱানিশা মৰিগাঁও আৰক্ষীৰ অভিযানত লাহৰীঘাটৰ বিভিন্ন অঞ্চলৰ পৰা ৫টাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এবছৰত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ২১৭টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যোৱানিশা লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীকেইটা হ’ল ৰাকিবুল হক, ইমতিয়াজুল হক, দিলদাৰ হুছেইন, আফতাব হুছেইন আৰু নেকিবুৰ ৰহমান। ইয়াৰে ৰাকিবুল হক আৰু ইমতিয়াজুল হক দুয়ো ভাই-ককাই। ককায়েকে বেংগালুৰুৰ পৰা বি ফাৰ্ম কৰিছে আৰু ভায়েক দ্বাদশ শ্ৰেণীত পঢ়ি আছে। তাৰ মাজতে দুই ভাই-ককাই নামি পৰিছে চাইবাৰ অপৰাধ জগতত। কিছুদিনৰ ভিতৰতে দুয়ো হৈ পৰিল কোটিপতি। দুয়ো আৰম্ভ কৰিলে বিলাসী জীৱন। অৱশেষত পৰিল আৰক্ষীৰ জালত। আৰক্ষীয়ে দুয়ো ভাই-ককাইৰ পৰা দুখন বিলাসী বাহন MG HECTOR আৰু THAR জব্দ কৰে। চাইবাৰ অপৰাধীকেইটাৰ পৰা দুটা লেপটপ, মোবাইল ফোন ৭টা, বিভিন্ন বেংকৰ এটিএম কাৰ্ড ১৫খন আৰু পাছপৰ্টৰ লগতে বিভিন্ন বেংকৰ লগত জড়িত নথি-পত্ৰ জব্দ কৰে। চাইবাৰ অপৰাধীকেইটাই বিভিন্ন লোকৰ নামত কোটি কোটি টকা লোন লয়। চাইবাৰ অপৰাধীকেইটাক সোধা-পোছাৰ অন্তত বহু বিস্ফোৰক তথ্য পোৱা যাব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) সমীৰণ বৈশ্যই জানিবলৈ দিয়ে। ইয়াৰে দিলদাৰ হুছেইন নামৰ চাইবাৰ অপৰাধীটোৱে বাংলাদেশ ভ্ৰমণ কৰাৰ পাছপৰ্ট জব্দ কৰা হৈছে। এই ৫ অপৰাধীৰ লগতে এবছৰত মৰিগাঁও আৰক্ষীয়ে ২১৭টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এইদৰে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিবলৈ দিয়ে।

প্ৰেৰক আবুল কালাম

You might also like