নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত বুনিয়াদী সাক্ষৰতা-সাংখ্যিকতাৰ পাঁচদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন কাৰ্যালয়ৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা ২১ আগষ্টলৈকে আমাৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত পাঁচদিনীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষক প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ৰ কালি সফল সামৰণি পৰে। জানিব পৰা মতে, শিক্ষাখণ্ডৰ অধীনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ২০৪গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক সমল ব্যক্তিসকলে ক্ৰমে প্ৰশিক্ষণৰ মডিউল অনুসৰি এন চি এফ এফ এছ-২০২২, বিদ্যাপ্ৰৱেশ, শ্ৰেণীকোঠা পৰিচালনা, বৈশিষ্ট্যভিত্তিক নিৰ্দেশনা আৰু শিক্ষকৰ ভূমিকা, বহুভাষিক শিক্ষণ পদ্ধতিৰ জৰিয়তে মৌখিক ভাষাৰ বিকাশ, পাঠোদ্ধাৰ, বিভিন্ন প্ৰকাৰৰ পঠন, ভাষাৰ পিৰিয়ডত বহুশ্ৰেণী শিক্ষণৰ কৌশল, উদ্ভাৱনীমূলক শিকন-শিক্ষণ সামগ্ৰী আৰু বিশেষ শিকন-সামগ্ৰী, বুনিয়াদী সাক্ষৰতা, বুনিয়াদী সাংখ্যিকতা, জড়তা ভঙাৰ ক্ৰিয়াকলাপ, মুক্ত অধিৱেশন, সু-সংগঠিত শিক্ষণ শৈলীৰ বোধগম্যতা, গণিত কিট, প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্ব আৰু কৰ্তব্য ইত্যাদি বিভিন্ন বিষয়ত মত বিনিময় আৰু প্ৰজেক্টৰৰ যোগেদি প্ৰশিক্ষণ আগবঢ়ায় । জানিব পৰা মতে, এই প্ৰশিক্ষণৰ উদ্দেশ্য হৈছে নতুন পাঠ্যপুথি আৰু সাক্ষৰতা আৰু সাংখ্যিকতাৰ শৈক্ষিক সমলৰ বিষয়ে শিক্ষকসকলক অৱগত কৰা, পৰিপূৰক সামগ্ৰী ব্যৱহাৰ কৰাত শিক্ষকসকলক প্ৰেৰণা যোগোৱা আৰু নিৰ্দেশনাত্মক আৰ্হিৰ সহায়ত সাক্ষৰতা আৰু সাংখ্যিকতাৰ পাঠদানৰ সময়ত পাঠ্যপুথি, সামগ্ৰী ইত্যাদি ব্যৱহাৰ কৰাত শিক্ষকৰ সামৰ্থ্য বৃদ্ধি কৰা । বিগত পাঁচটা দিনৰ প্ৰশিক্ষণত বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে জিলা পৰ্যায়ৰ বিষয়া, খণ্ড সমল ব্যক্তিসকলেও প্ৰশিক্ষণ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like