নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : কণ কণ শিশুসকলক গুণগত শিক্ষা প্ৰদানৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি অহা শিক্ষা বিভাগে সৰ্বশিক্ষা মিছনৰ অধীনত শিক্ষকসকলৰ মাজত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত পাঁচদিনীয়া এক প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ সকলো দিশতে শিশুসকলক দক্ষ কৰি তোলাৰ লগতে শিশুসকলৰ শিক্ষাদান প্ৰক্ৰিয়া কিদৰে আনন্দদায়ক কৰি তুলিব পাৰি, তাৰ ওপৰত শিক্ষকসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ৰাজ্যজুৰি চলি থকা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে ওদালগুৰি জিলাৰ খৈৰাবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ প্ৰায় ৬০০গৰাকী শিক্ষকক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত সামৰি লোৱা হয় ৷ প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কিদৰে গুণগত আৰু আনন্দদায়ক শিক্ষা প্ৰদান কৰিব পৰা যায়, তাৰ ওপৰত শিক্ষকসকলক বুজাই দিয়াৰ লগতে FLN আৰু NIPUN অসমৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিতংভাৱে অৱগত কৰে খৈৰাবাৰী খণ্ড শিক্ষা বিষয়া বহৈথি বড়ো, গাণনিক দেৱ ৰাভা, FLN কনচাল্টেন ডঃ সুভাষ ৰাভা আৰু প্ৰশিক্ষকসকলে ৷
প্ৰেৰক পিংকু কলিতা