নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘন্টাৰ ভিতৰত আটক ইব্রাহিম আলীৰ পাঁচ হত্যাকাৰীক

🔹 বজালী আৰক্ষীৰ বৃহৎ সফলতা : আৰক্ষী অধীক্ষকৰ সংবাদ মেল

নিয়মীয়া বার্তা, ৩ জুলাই : সমগ্ৰ বজালী কঁপাই যোৱা এক লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত বজালী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা৷ হত্যাকাণ্ডৰ ৪৮ ঘন্টাৰ ভিতৰতে বজালী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে পাঁচ হত্যাকাৰীক। উল্লেখ্য যে বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তর্গত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ধুমাৰকুৰত পহিলা জুলাইৰ নিশা প্ৰায় আঠ বজাত সংঘটিত হয় এক শিহৰণকাৰী হত্যাকাণ্ড। ৬-৭জনীয়া দুর্বৃত্তৰ এটি দলে ইব্রাহিম আলী (৩২) নামৰ ধুমাৰকুৰৰ এগৰাকী যুৱ ব্যৱসায়ীক চোকা অস্ত্ৰৰে ঘপিওৱাৰ লগতে পিষ্টলেৰে গুলীয়াই হত্যা কৰে৷ এই হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে বজালী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু ঘটনাৰ ৪৮ ঘণ্টাৰ ভিতৰত পাঁচগৰাকীকৈ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আজি সন্ধিয়া বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদ মেলযোগে সদৰী কৰি বজালী জিলা আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে কয় যে এটি ছয়জনীয়া দুৰ্বৃত্তৰ দলে এই হত্যাকাণ্ডটো সংঘটিত কৰিছিল আৰু বজালী আৰক্ষীয়ে ইয়াৰে পাঁচগৰাকী হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰু আন এগৰাকীকো অতি সোনকালে আটক কৰিবলৈ সক্ষম হ’ব৷ ঘটনাৰ তদন্তকাৰী বিষয়া ধৰ্মেন্দ্ৰ দাস আৰু পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আজি গুৱাহাটীৰ পাণবজাৰৰ আছিয়ানা হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে চাৰিগৰাকী হত্যাকাৰীক৷ হত্যাকাণ্ডটো সংঘটিত কৰিয়েই বজালীৰ পৰা গুৱাহাটীলৈ পলায়ন কৰিছিল এই চাৰি হত্যাকাৰীয়ে৷ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই সংবাদ মেলত জনিবলৈ দিয়ে যে এতিয়ালৈকে সৰ্বমুঠ পাঁচগৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰু এগৰাকীক অনতিপলমে গ্ৰেপ্তাৰ কৰা হ’ব৷ আৰক্ষীয়ে জোৰদাৰ তদন্তৰ অন্তত আজি ঘাতক ক্ৰমে বজালী জিলাৰ ৰাজাঘাটৰ মোনোহৰ আলী আৰু ছাইদুল ইছলাম, কলগাছিয়াৰ য়াকুব আলী, হাজোৰ মহম্মদ চাহেৰ আলী আৰু ধুবুৰীৰ জয়নাল আবেদিনক আটক কৰিবলৈ সক্ষম হয়৷ ইয়াৰে দুগৰাকী হত্যাকাৰীক ক্ৰমে বৰপেটা আৰু বজালীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ বজালী আৰক্ষী সক্ষম হয়৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হয় বুলিও আৰক্ষীয়ে সংবাদ মেলযোগে জানিবলৈ দিয়ে৷ ঘটনাৰ মূল অভিযুক্ত ৰাজাঘাটৰ মোনোহৰ আলীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু লোমহৰ্ষক ঘটনা সংঘটিত কৰিছে বুলিও আৰক্ষীয়ে সদৰী কৰি সেইদিনাৰ ঘটনা মোনোহৰ আলীৰ নেতৃত্বতে সংঘটিত হৈছিল বুলি কয়৷ আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক পাঠশালা আৰক্ষী থানালৈ আনি অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে হত্যাকাৰীসকলে ইব্রাহিম আলীক হত্যা কৰাৰ লগতে তেওঁৰ মাতৃ চেহেৰা খাতুনকো গুৰুতৰভাৱে আহত কৰে৷ স্মৰ্তব্য যে ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্রাহিম আলীক নিজ বাসগৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে দেহৰ একাধিক স্থানত ঘাপ মৰাৰ লগতে ইব্রাহিমলৈ লক্ষ্য কৰি পিষ্টলেৰে গুলীচালনা কৰে। যুৱকজনক দুর্বৃত্তই আক্ৰমণ কৰাৰ পিছতে ইব্রাহিমৰ মাতৃ চেহেৰা খাতুনে ঘৰৰ দৰ্জা খুলি বাহিৰলৈ ওলাই অহাত দুর্বৃত্তৰ দলটোৱে তেওঁৰো দেহৰ তিনি ঠাইত ঘপিয়ায়। ইয়াৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দুর্বৃত্তৰ দলটো পলাই যাবলৈ সক্ষম হয়৷ উল্লেখ্য যে নিহত ইব্রাহিম আলী ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ইছমাইল হুছেইনৰ ভাতৃ আছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like