নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱত খ্যাতি সম্পন্ন শৰীৰ চৰ্চাবিদ ধ্ৰুৱ তামুলীসহ পাঁচ পাঞ্জা খেলুৱৈক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৫ জুন : গোলাঘাট জিলা পাঞ্জা সন্থাৰ উদ্যোগত আজি দেৰগাঁৱৰ ক্ৰীড়া সন্থা ভৱনত অনুষ্ঠিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শৰীৰ চৰ্চা বিদ ধ্ৰুৱ তামুলীকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অৰ্জন কৰা গোলাঘাট জিলাখনৰ পাঁচগৰাকী পাঞ্জা খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। জিলা পাঞ্জা সন্থাৰ সভাপতি প্ৰণৱ চক্ৰৱৰ্তীৰ সভাপতিত্বত, সম্পাদক মৃণাল হাজৰিকাই আঁত ধৰা সভাত ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ সকলক গামোচা, চেলেং, ফুলৰ থোপা, জাপি, গছ পুলি আৰু সম্বৰ্ধনা পত্ৰৰে বিপুল সম্বৰ্ধনা জনোৱা হয়। অসম ৰাজ্যিক পাঞ্জা সন্থাৰ কাৰ্যকৰী সভাপতি আকাশ ফুকন, দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া লিটন গোহাঁই, বিশিষ্ট ক্ৰীড়া সংগঠক বিক্ৰম জ্যোতি মহন্ত, দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি অৰুণ বিকাশ বৰুৱা,ৰাজেন পূজাৰী, ৰাজেন মহন্ত,,অনুপ ভাগৱতী, ৰাজমোহন শৰ্মা, শুভাংকৰ ঘোষ, দেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি প্ৰশান্ত প্ৰদীপ হাজৰিকা, দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত, সম্পাদক বিচিত্ৰ ভূষণ কলিতা,অগ্ৰগামী বাঙালী মহিলা মঞ্চৰ সভানেত্ৰী ববীতা ঘোষ আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰখা সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলেও খ্যাতি অৰ্জন কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে মালদ্বীপত অনুষ্ঠিত হৈ যোৱা ছাউথ এছিয়া বডী বিল্ডিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা শৰীৰ চৰ্চা বিদ ধ্ৰুৱ তামুলীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত ৰাইজৰ মৰমত অভিভূত হোৱা বুলি মন্তব্য কৰি কেৱল ৰাইজৰ মৰম আৰু প্ৰেৰণাই আগবাঢ়ি যোৱাত উৎসাহ যোগাই যদিও এজন খেলুৱৈৰ বাবে চৰকাৰী বা বেচৰকাৰী ভাৱে আৰ্থিক সহযোগীতাৰো বিশেষ প্ৰয়োজন থকাৰ কথা দোহাৰে। এইক্ষেত্ৰত তেওঁ স্থানীয় বিধায়ক তথা চৰকাৰী অমনোযোগিতাকো তেওঁ সমালোচনা কৰে।এই অনুষ্ঠানত ডুলিয়াজানত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনা পাঞ্জা খেলুৱৈ ক্ৰমে প্ৰণৱ জ্যোতি বৰা,দিম্পল বৰা, অবিনাশ বৰদলৈ,তৰা দলে আৰু মনিকুন্তলা দত্তক উষ্ণ অভিনন্দন জনোৱা হয়।

প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী

You might also like