নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াত দুৰ্ঘটনা : আহত পাঁচ আৰোহী

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ চতিয়াৰ মাজেৰে যোৱা অৰ্ধনিৰ্মিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনে সংঘটিত হৈ আহিছে দুৰ্ঘটনা৷ আজি দিনৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাৰ নাগশংকৰ মন্দিৰৰ সমীপত এখন বাহন দুৰ্ঘটনাত পতিত হয়৷ প্ৰাপ্ত খবৰমতে বিশ্বনাথৰ পৰা জামুগুৰিহাটলৈ আহি থকা এখন গ্ৰেণ্ড আইটেন (AS12 Z 9386) বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ধাননিত সোমাই পৰে৷ দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত বাহনখনত পাঁচজনকৈ যাত্ৰী আছিল৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত থকা কালভাৰ্টটো ত্ৰুটিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ বাবে বেগেৰে অহা বাহনসমূহ নিয়ন্ত্ৰণ কৰাত অসুবিধা হয় বুলি বহু চালকে জনাইছে৷ উক্ত স্থানত থকা ক্ৰটিপূৰ্ণ কালভাৰ্টটোৰ বাবে বহুকেইখন বাহন ইয়াৰ আগতেও দুৰ্ঘটনাত পতিত হৈছে৷ ঘটনাস্থলীত চতিয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত যাত্ৰীসকলক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
প্ৰেৰক প্ৰণৱ ওজা
You might also like