নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজুলীৰ পাঁচ সত্ৰৰ সত্ৰাধিকাৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোলৈ অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী আগশাৰীৰ ব্যক্তিয়ে নিমন্ত্ৰণ লাভ কৰিছে। ইয়াৰে ভিতৰত অসমৰ বহু কেইগৰাকী সত্ৰাধিকাৰেও নিমন্ত্ৰণ লাভ কৰিছে। অনুষ্ঠানলৈ মাজুলীৰো পাঁচখন সত্ৰৰ সত্ৰাধিকাৰেও নিমন্ত্ৰণ লাভ কৰিছে। ৰাম মন্দিৰ পৰিচালনা সমিতিৰ পৰা আযোধ্যাৰ ৰাম মন্দিৰত অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ মাজুলীৰ আউনীআটী, দক্ষিণপাট, উত্তৰ কমলাবাৰী, গড়মূৰ সৰু সত্ৰ আৰু ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰে নিমন্ত্ৰণ লাভ কৰিছে। ইতিমধ্যে সত্ৰাধিকাৰ কেইগৰাকীলৈ নিমন্ত্ৰণী পত্ৰৰ লগতে মন্দিৰৰ নিৰ্মালী আহি পাইছে। অহা ১৮ জানুৱাৰীত মাজুলীৰ পৰা সত্ৰাধিকাৰ কেইগৰাকীয়ে আযোধ্যালৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। অৱশ্যে জানিব পৰা মতে ভোগপুৰ সত্ৰৰ অধিকাৰ দত্ত দেৱ গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী আৰু গড়মূৰ সৰু সত্ৰ অধিকাৰ হৰিদেৱ গোস্বামীয়ে ৰাম মন্দিৰলৈ যাবলৈ প্ৰস্তুতি চলাইছে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like