নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাৰিখন আঁচনি আৰু কুশধোৱা-দৰংগিৰী পৰিষদীয় সমষ্টিৰ এখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচী অনুসৰি আমজোঙাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ ২০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এটি সাংস্কৃতিক ভৱনৰ শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। এই শুভাৰম্ভ কাৰ্যসূচীত আমজোঙাৰ স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াৰ পিছত কুশধোৱা-দৰংগিৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চৌকাকাটা-ঔগুৰিপাৰা গাঁৱত ২২ লাখ টকাৰে নিৰ্মাণ কৰা পকী পথ এটিও শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ সময়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ উপৰি পৰিষদৰ কাৰ্যবাহী সদস্য হিতেশ ৰাভা পাটগিৰি, দৰংগিৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আৰু স্থানীয় ৰাইজে উপস্থিত থাকি সহযোগ কৰে। আনহাতে, উক্ত পৰিষদীয় সমষ্টিত ২০২২-২৩ বিত্তীয় বৰ্ষৰ আঁচনিৰ ১২ লাখ টকাৰে নিৰ্মিত পপুলাৰ চি এল এফৰ সমূহীয়া ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে টংকেশ্বৰ ৰাভাই। এই অনুষ্ঠানত পপুলাৰ চি এল এফৰ শতাধিক মহিলা উপস্থিত থাকি সহযোগ আগবঢ়ায়। ইয়াৰ উপৰি ২০২২-২৩ বৰ্ষৰ ৬ লাখ টকা ব্যয়সাপেক্ষে কুশধোৱাত থকা ৰাজ্যিক চিকিৎসালয় চৌহদত নিৰ্মাণ কৰা পকী বেৰৰ শুভ উদ্বোধন কৰাৰ উপৰি ৰংৰঙা গাঁৱত অৱস্থিত বাথৌ মন্দিৰ চৌহদত দহ লাখ টকাৰে নিৰ্মাণ কৰা সমূহীয়া ভৱনটিও মাংগলিক কাৰ্যসূচীৰ জৰিয়তে শুভ উদ্বোধন কৰা হয়।
প্ৰেৰক বেনজিন বড়ো