ফ্লেট কিনিবলৈ নালাগিব উপায়ুক্তৰ অনুমতি
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ ফ্লেট ক্রয় কৰাৰ ক্ষেত্রত এতিয়াৰে পৰা ক্রেতা আৰু বিক্রেতাৰ আৱশ্যক নহ’ব জিলা প্রশাসনৰ অনুমতিৰ৷ ৰাজ্য চৰকাৰে ৰেজিষ্ট্রেচন আইন বিধানসভাত গৃহীত কৰাৰ পাছত আজি এই আইনত আনুষ্ঠানিক অনুমোদন জনালে ৰাজ্যপালে৷ অর্থাৎ ইয়াৰ দ্বাৰা ফ্লেট কিনা–বেচাৰ ক্ষেত্রত জিলা উপায়ুক্তৰ অনুমতিৰ প্রয়োজন নাথাকিব৷ ব্যৱসায়িক বিল্ডিং ক্রয়–বিক্রয়ৰ ক্ষেত্রতো প্রয়োজন নহ’ব কোনো ধৰণৰ অনুমতিৰ৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত টুইটত প্রকাশ কৰি উল্লেখ কৰে যে প্রশাসনিক সংস্কাৰক অধিক উৎসাহিত কৰি ফ্লেট, আৱাসিক এপার্টমেণ্ট, বাণিজ্যিক ভৱন আদি স্থানান্তৰ, লীজৰ বাবে পঞ্জীয়ন আইনৰ ধাৰা ২০২১ৰ সংশোধন কৰা হৈছে৷ এতিয়াৰে পৰা উপায়ুক্তৰ পৰা বিক্রীৰ বাবে কোনো ধৰণৰ এন অ’ চিৰ প্রয়োজন নহ’ব৷ উল্লেখ্য যে পূর্বে ফ্লেট, আৱাসিক এপার্টমেণ্ট আদি বিক্রী বা ক্রয়ৰ ক্ষেত্রত জিলা উপায়ুক্তৰ এন অ’ চিৰ প্রয়োজন আছিল৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ বিধানসভাত আছাম ৰেজিষ্ট্রেচন আইন প্রণয়ন কৰি এই অনুমতিৰ প্রয়োজন নথকাটো নিশ্চিত কৰাৰ পাছত আজি আইনখনক অনুমোদন জনায় ৰাজ্যপালে৷