🔹 ৭ নৱেম্বৰৰ পৰা বন্ধ “ফ্লাই বিগ”ৰ সেৱা
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তবায়িত কৰি ৩৯ বছৰীয়া অপেক্ষাৰ পিছত পুনৰ যাত্ৰীবাহী বিমান পৰিসেৱা আৰম্ভ হোৱা ৰূপসী বিমানবন্দৰৰ পৰা বিগত প্ৰায় ১৩ দিনে চলাচল কৰা নাই বিমান। উল্লেখ্য যে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে হোৱা এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৮ মে’ৰ পৰা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল “ফ্লাই বিগ” নামৰ বিমান পৰিবহণ সন্থা এটাই। প্ৰথমাৱস্থাত পৰিবহণ সন্থাটোৱে ৭২ আসনৰ এটিআৰ–চেভেন্টি টু বিমানেৰে সপ্তাহত তিনি দিন চলাইছিল ৰূপসী হৈ গুৱাহাটীৰ পৰা কলকাতা আৰু কলকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ যাত্ৰী পৰিসেৱা। পিছলৈ গৈ যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা পূৰ্বৰ তিনি দিনৰ ঠাইত সপ্তাহত ৬ দিন ৰূপসী হৈ যাত্ৰীবাহী বিমান চলোৱাৰ সিদ্ধান্ত লৈছিল। এই ঘটনাই ৰূপসী বিমানবন্দৰ পুনৰ স্বগৰিমাৰে দেশৰ বিমান পৰিবহণৰ ক্ষেত্ৰখন উজলি উঠিব বুলি আশা কৰিছিল পশ্চিম অসমৰ ৰাইজে। কিন্তু বিগত ৭ নৱেম্বৰৰ পৰাই “ফ্লাই বিগ”ৰ এখনো বিমান যাতায়াত কৰা নাই ৰূপসীৰে। বিষয়টো লৈ আনুষ্ঠানিকভাৱে একো নজনালেও গুৱাহাটী-কলকাতা ৰূটত চলাচল কৰা বিমানখন চোৱাচিতাৰ বাবে “ফ্লাই বিগ”-এ এই ৰূটটোত বিমান পৰিসেৱা বন্ধ ৰাখিব লগা হোৱা বুলি সন্দেহ কৰিছে ভু ৰখা মহল একাংশই। ফলত স্বাভাৱিকভাৱে এয়া সঁচা নেকি বুলি প্ৰশ্ন উত্থাপিত হোৱাৰ সমান্তৰালকৈ বিমান পৰিবহণ সন্থাটোৱে কেৱল এখন বিমানেৰেই ২০২৪ বৰ্ষৰ জুলাই মাহলৈ গুৱাহাটীৰ পৰা ৰূপসী হৈ কলকাতালৈ বিমান পৰিসেৱা প্ৰদান কৰাৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে তিনি বছৰীয়া এক চুক্তিত চুক্তিবদ্ধ হৈছিল নেকি বুলিও উচ্চাৰিত হৈছে প্ৰশ্ন। তদুপৰি শেহতীয়াকৈ পৰিবহণ সন্থাটোৱে আগতীয়া কোনোধৰণৰ জাননী নিদিয়াকৈ অকস্মাতে ৰূপসীৰ পৰা বিমান যাত্ৰা প্ৰত্যাহাৰ কৰাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বহু যাত্ৰীয়ে। তাৰেই প্ৰেক্ষাপটত ব্যৱসায়িক ৰূপে সফল বিমানবন্দৰ ৰূপে উঠি অহা ৰূপসী বিমানবন্দৰটোৰ পুনৰ যাতে অকাল মৃত্যু নঘটে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৱে পদক্ষেপ লোৱাৰ প্ৰয়োজনীতা থকা বুলি মতপোষণ কৰিছে বহুতেই। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ “উড়ান-২” নামৰ এক আঁচনিৰ অধীনৰ প্ৰথম পৰ্য্যায়ত ৪০ কোটি টকা অৰু দ্বিতীয় পৰ্য্যায়ত মোকলাই দিয়া ৬৯ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানবন্দৰটো।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী