সুখবৰঃ ৰূপসীৰ পৰা সপ্তাহৰ ছটাকৈ দিনেই চলিব বিমান
যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ বাবে শুকুৰবাৰৰ পৰা লোৱা হৈছে এই নতুন সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ পশ্চিম অসমৰ ৰাইজলৈ সুখবৰ। ৰূপসী বিমানবন্দৰৰ পৰা সপ্তাহৰ ছটাকৈ দিনেই চলিব বিমান। পূৰ্বৰ তিনি দিনৰ ঠাইত সোমবাৰৰ বাহিৰে সপ্তাহৰ বাকী দিনকেইটাত ৰূপসী হৈ গুৱাহাটী–ক’লকাতা আৰু ক’লকাতা–গুৱাহাটীৰ মাজত আৰম্ভ হ’ল যাত্ৰীৱাহী বিমান সেৱা। যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ পৰা লোৱা হৈছে এই নতুন সিদ্ধান্ত।
উল্লেখ্য যে, দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই বিগত বছৰৰ ৮ মে’ৰ পৰা ৰূপসী বিমানবন্দৰৰ পৰা পুনৰ আৰম্ভ যাত্ৰীৱাহী বিমান সেৱা। ১৯৮২ চনত অন্তিম বাৰৰ বাবে বায়ুদূতৰ এখন বিমান ৰূপসীৰ পৰা যাত্ৰা কৰাৰ পিছত প্ৰায় ৩৯ বছৰীয়া এক দীৰ্ঘ বিৰতিৰ অন্ত পৰিছিল সিদিনা। আৰম্ভ হৈছিল ‘ফ্লাই বিগ’ নামৰ বিমান পৰিবহন সংস্থা এটাৰ ৭২ আসনৰ এটিআৰ–চেভেন্টি টু বিমান সেৱা।
উল্লেখ্য যে, ৰূপসী বিমানবন্দৰৰ সৈতে জড়িত হৈ আছে প্ৰাক স্বাধীনোত্তৰ যুগৰ এক দীঘলীয়া ইতিহাস। তদানীন্তন বেংগল প্ৰভিন্চৰ অন্তৰ্গত ৰূপসীৰ এই বিমান বন্দৰটো মূলতঃ আছিল সামৰিক বিমানঘাটী। সেনা আৰু সমৰাস্ত্ৰ পৰিবহন কৰাৰ সুৱিধাৰ বাবে দ্বিতীয় মহাসমৰৰ সময়ত ব্ৰিটিছে নিৰ্মাণ কৰিছিল এই বিমানবন্দৰটো। প্ৰায় ২৫০০ বিঘা ভূমিত নিৰ্মাণ কৰা ৰূপসী বিমানবন্দৰৰ ৰানওৱেৰ দৈৰ্ঘ্য আছিল ৬০০০ ফুট। মুঠ ৫২টাকৈ জেট বিমান ৰখাৰ “হেংগাৰ”ৰ উপৰিও টাৰ্মিনাল বিল্ডিংৰ লগতে গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থাও আছিল বিমানবন্দৰটোত। স্বাধীনতাৰ পিছত অসমৰ পুৰণি গোৱালপাৰা জিলাত পৰিছিল ৰূপসী। পিছত গোৱালপাৰা জিলাৰ পৰা ধুবুৰী জিলা আৰু বৰ্তমানে বিটিএডিৰ অন্তৰ্ভূক্ত এই বিমানবন্দৰ সহ সংলগ্ন অঞ্চল।
অৱশ্যে স্বাধীনতাৰ পিছত সামৰিক নহয়, অসামৰিক বিমানবন্দৰ ৰূপেহে ব্যৱহৃত হবলৈ লৈছিল ৰূপসী। ষাঠিৰ দশকত ইয়াৰ পৰা পশ্চিমবংগৰ কোচবিহাৰ আৰু শিলিগুৰীহৈ ক’লকাতাগামী ডাকোটা বিমান নিয়মিত ভাৱে অহা যোৱা কৰিছিল। আনকি ১৯৮০ চনত ৰূপসী বিমানবন্দৰৰ পৰা গুৱাহাটীৰ বৰঝাৰগামী বিমান সেৱাও আৰম্ভ কৰিছিল বায়ুদূতে। ১৯৮২ চনৰ পৰা বন্ধ হৈ পৰা এই বিমানবন্দৰটো কেন্দ্ৰীয় চৰকাৰৰ “উৰান-২” নামৰ এক আঁচনীৰ অধীনত ন–ৰূপত নিৰ্মাণ কৰা হৈছিল।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী