ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
সকলো অভিযন্তাক মথাউৰিৰ স্পৰ্শকাতৰ অংশসমূহত যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুলাই ∶ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভাগীয় অভিযন্তা বিষয়াৰ জৰুৰী কামসমূহ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। কালি নুমলীগড়ৰ বংকোৱালত ছিগা মথাউৰি পৰিদৰ্শন কৰাৰ পাছত মন্ত্ৰীগৰাকীৰ নিৰ্দেশত মথাউৰিৰ ছিগা অংশ মেৰামতিৰ বাবে আজি ২৫ মিটাৰ দৈৰ্ঘ্যৰ ১২ টা জিঅ’ টিউব নুমলীগড়ত সাজু কৰি তোলা হৈছে। আনহাতে কলিয়াবৰৰ হাতীমূৰাত শ্লুইছ গেটৰ কাষত ছিগা মথাউৰি কেনেদৰে মেৰামতি অথবা শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিব পাৰি সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিজ্ঞ অভিযন্তাৰে ফোনযোগে আলোচনা কৰে। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বিভাগে চলাই থকা জৰুৰী কামসমূহৰ বুজ লৈ আছে মন্ত্ৰী হাজৰীকাই। বিভাগীয় অভিযন্তাসকলক মথাউৰিৰ স্পৰ্শকাতৰ অংশসমূহত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণেৰে ছিগাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। মুখ্য অভিযন্তাক জিলাসমূহলৈ বান নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত সকলো সামগ্ৰী পঠিওৱা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। আনহাতে ব্ৰহ্মপুত্ৰৰ পানী কমাৰ লগে লগে খহনীয়াৰ পৰা হ’ব পৰা সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে ফোনযোগে নিৰ্দেশ প্ৰদান কৰিছে।