নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমান্তত পাহাৰীয়া নৈৰ তাণ্ডৱত ত্ৰস্ত ৰতনপুৰ-চিমলাগুৰিবাসী

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অসম-অৰুণাচল সীমান্তবৰ্তী দুখনকৈ গাঁৱৰ জনসাধাৰণ পাহাৰীয়া খৰস্ৰোতা নৈৰ তাণ্ডৱত ত্ৰস্তমান হৈ পৰিছে। উল্লেখ্য যে শোণিতপুৰ আৰু লখিমপুৰ সীমামূৰীয়া ৰতনপুৰ আৰু চিমলাগুৰি অঞ্চলৰ কেইবাবিঘা মাটি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। বিশেষকৈ সামাজিক বনানিকৰণৰ মাটি গৰাখহনীয়াৰ কবলত পৰাত ভালেসংখ্যক মূল্যবান প্ৰকাণ্ড প্ৰকাণ্ড গছ নৈৰ বুকুত জাহ যোৱা দেখিবলৈ পোৱা গৈছে। পাহাৰীয়া খৰস্ৰোতা চেঁচা আৰু চেংমৰা নৈৰ সংযোগ স্থলীৰ সেই এলেকা ৰতনপুৰ, চিমলাগুৰিকে ধৰি কেইবাখনো গাঁৱলৈ চৰম ভাবুকি অনা পাহাৰীয়া খৰস্ৰোতা নৈৰ গৰাখহনীয়া ৰোধৰ বাবে যোৱা বছৰ বাৰিষাৰ পূৰ্বে স্থানীয় বিধায়ক উৎপল বৰাৰ প্ৰচেষ্টাত বাঁহেৰে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰি দিছিল যদিও স্থায়ী সমাধান নহ’ল। এইবাৰ পুনৰ নৈ দুখনৰ সংযোগ স্থলী এলেকাত গৰাখহনীয়াই কেইবাখনো গাঁৱৰ জনসাধাৰণক ত্ৰস্তমান কৰি তুলিছে। ইয়াৰ উপৰি এই এলেকাত সুচল যাতায়াতৰ ব্যৱস্থা নথকাত জীয়াতু ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে। উল্লেখ্য যে চেঁচা নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰিছিল যদিও আজিকোপতি হৈ নুঠিল। অৰুণাচল প্ৰদেশৰ এলেকা হোৱাৰ বাবে সেই প্ৰদেশৰ চৰকাৰে দলংখন নিৰ্মাণ কৰিছে যদিও সম্পূৰ্ণ হৈ নুঠাত অঞ্চলবাসীয়ে প্ৰত্যেক বাৰিষা কালছোৱাত যাতায়াতৰ ক্ষেত্ৰত চৰম যাতনাৰ সন্মুখীন হৈ আহিছে।
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া
You might also like