চাৰিদুৱাৰত কালনী নৈৰ বানৰ কবলত মোলানপুখুৰী
নিয়মীয়া বাৰ্তা, ৩১ মে : বানৰ কৱলত শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ বালিপৰাৰ ৩ নং মোলানপুখুৰী গাঁও। কালনী নৈৰ বানত কলৱত বহু লোকৰ বাসগৃহ ,মোলানপুখুৰীৰ মূল পকীপথ । পথৰ ওপৰেৰে হোৰা-হোৰে বাগৰিছে পানী , ঠায়ে ঠায়ে ক্ষতিগ্ৰস্ত হৈছে নৱনিৰ্মিত পকী পথটো।
পানী সোমাইছে ২ নং মোলানপুখুৰী প্ৰাথমিক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ চৌহদতো । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মোলানপুখুৰী-জংঘলবস্তি সংযোগী নৱনিৰ্মিত ব্লক পথটোৰ ওপৰেদি বান বাগৰাত পথটোত ব্যাহত হৈছে যাতায়ত। পথটোৰ কাষত নিৰ্মাণকাৰী সন্থা,ঠিকাদাৰে মাটি দিবলৈ কৈ অহাৰ পাছতো আজিলৈকে মাটি নিদিয়াত পথটো বহু ঠাইত খহি যোৱাৰ উপক্ৰম হৈছে।গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাইজে ঠিকাদাৰ, ৰঙাপৰাৰ বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।
প্ৰেৰক প্ৰাঞ্জল বৰা