নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলমুক্ত হব নে ৰূপহী জান :  কৃত্ৰিম বানত ত্ৰস্ত গৌৰীসাগৰবাসী

নিয়মীয়া বাৰ্তা, ২২ জুনঃ আহোম ৰাজত্ব কালত ৰংপুৰ নগৰলৈ  অহা যোৱাৰ বাবে জলপথ হিচাপে ব্যৱহাৰ কৰা ঐতিহাসিক ৰূপহীজান বে-দখলৰ ফলত বিগত বহু বছৰ ধৰি গৌৰীসাগৰবাসী কৃত্ৰিম বানৰ সমস্যাত ভুগি আহিছে। ঐতিহাসিক ৰূপহীজানটো বে-দখল কৰি একাংশলোকে ঘৰ দুৱাৰ আদি নিৰ্মাণ কৰাৰ ফলত বাৰিষা সামান্য এজাক বৰষুণতে গৌৰীসাগৰ আদিকে ধৰি বহু অঞ্চল জলমগ্ন হৈ পৰিছে। আহোম ৰাজত্ব কালত ৰংপুৰ নগৰলৈ অহা যোৱাৰ বাবে একমাত্ৰ জলপথ হিচাপে ব্যৱহাৰ কৰা ঐতিহাসিক ৰূপহীজানটো ৰংঘৰস্থিত ৰূপহী পথাৰৰ পৰা সুদুৰ দিখৌমুখৰ বৰলুইতৰলৈকে বিস্তৃত আছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষেদি গৌৰীসাগৰলৈকে বাকী অংশ দিখৌমুখৰ বৰ আলিৰ কাষেদি লুইতৰ বুকুলৈ বৈ গৈছে।কিন্তু মেটেকা বনগাও, জকাইচুক মৌজাৰ বহু সংখ্যক গাৱঁৰ বৰষুণৰ পানীসমূহ ওলাই যোৱা ঐতিহাসিক ৰূপহীজানটো অধিকাংশ অঞ্চলত বেদখল কৰাৰ ফলত প্ৰায় নিচিহ্ন হৈ পৰিল।শিৱসাগৰ ৰাজহ চক্ৰৰ কায্যালয়ৰ অন্তৰ্গত ঐতিহাসিক এই ৰূপহীজানটো বে-দখলৰ ফলত অতি বেয়াকৈ ক্ষতিগ্ৰস্থ হব লগা হৈছে গৌৰীসাগৰ অঞ্চলৰ নামদাং,নামদঙীয়া বঙালী গাওঁ বলীয়াঘাট পথলিয়াল,ৰূপহীমুখ  আদিকে ধৰি বহু কেইখন গাওঁ মাহ মাহ ধৰি কৃত্ৰিম বানত জলমগ্ন হৈ আছে। গাওঁকেইখনৰ ৰাস্তা পদুলিৰ লগতে বহু সংখ্যক পৰিয়াল কৃত্ৰিম বানৰ লগত সহৱস্থান কৰিব লগা হৈছে।লগতে গৌৰীসাগৰ উচ্চ বিদ্যালয়,বলীয়াঘাট পথলিয়াল ক্ষুদ্ৰ স‌্বাস্থ্য কেন্দ্ৰৰ আবাসীক এলেকা আদি কৃত্ৰিম বানত ডুব গৈ আছে। ৰূপহী জানটো বলীয়াঘাট অঞ্চলত দুটা ভাগত বিভক্ত হৈ তাৰে এটা ভাগ দিখৌ নদীত পৰাৰ লগতে আনটো ভাগ নামদাং নদীত পৰিছেগৈ।দিখৌ নদীত পৰা অংশ চোৱা সম্পূণভাৱে পুতি ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ ফলত অস্তিত্ববিহীন হৈ পৰে।কিন্তু নামদাং নদীত পৰা অংশচোৱাও বেদখল কৰাৰ ফলত ঠেক হৈ এটা সৰু নলালৈ পৰিণত হযগৈ।ৰূপহীমুখ বলীয়াঘাট পথলিয়াল অঞ্চলৰ বৰষুণৰ পানীসমূহ সেই নলাটোৱে ওলাই যায় যদিও কে পি এম ইংলিছ স্কুলৰ সমীপৰৰ দাস উপাধিৰ স‌্বাস্থ্য কৰ্মীগৰাকীয়ে চাৰিসীমাৰ বেৰা নিৰ্মাণ কৰাৰ বাবে পানীসমূহ আবদ্ধ হৈ পৰে।ভুক্তভোগী ৰাইজে ৰূপহীজানটো বে দখল মুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক বাৰম্বাৰ দাবী জনাই আহিছে।কিন্তু জিলা প্ৰশাসনে ৰহস্যজনকভাৱে এই বেদখলকাৰীসকলৰ বিৰূদ্ধে যাৱতীয় ব্যৱস্থা আজিলৈকে গ্ৰহন কৰা পৰিলক্ষিত নহল। অচিৰে যদি জিলা প্ৰশাসনে ৰূপহীজানৰ কৃত্ৰিম বানৰ সমস্যা সমাধান নকৰে তেতিয়াহলে গণতাৰ্ন্ত্ৰিক আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে।
প্ৰেৰক মৃগাংক হাজৰিকা
You might also like