নিয়মীয়া বাৰ্তা, ১৯ মে’ : বিগত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সদাব্যস্ত হাজো-গুৱাহাটী মূলপথৰ অভয়পুৰৰ পৰা পতনিলৈ প্ৰায় আধা কিলোমিটাৰ পথত সৃষ্টি হৈছে কৃত্ৰিম বান।
ফলত যাতায়তৰ ক্ষেত্ৰত অসুবিধা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে যান-বাহন চলাচলৰ ক্ষেত্ৰতো সৃষ্টি হৈছে যথেষ্ট অসুবিধা। কিয়নো কৃত্ৰিম বানত বুৰ যোৱাই নহয়,পথচোৱাত ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত।
লক্ষণীয় যে,পথচোৱাৰ দুয়োকাষে জনবসতি থকাত পথচোৱা চাপৰ হৈছে আৰু পথচোৱাৰ পৰা পানী ওলাই যোৱাৰ কোনো নলী-নৰ্দমাৰ ব্যৱস্থা নাই।
ইফালে গড়ুৰাচল পাহাৰৰ পৰা নামি অহা পানী এই পথচোৱাতে পৰে। শীঘ্ৰে এই পথচোৱাৰ দুয়োকাষে পকীনলাৰ ব্যৱস্থা কৰাৰ লগতে ৰাজপথৰ পানী নিস্কাষনৰ ব্যৱস্থা কৰি যাতায়ত সুচল কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। আনহাতে পথৰ সমীপৰ জলাশয়, বিল আদি বহুলোকে বে-দখল কৰাত কোনো ফালে পানী নিগৰি নোযোৱাত এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে স্থানীয় একাংশ লোকে।
প্ৰেৰক শ্বাহজাহান ইছলাম