নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে আমতলাত ছিঙিলে মথাউৰি
নিয়মীয়া বাৰ্তা, ৩১ মে’ :
নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে ছিঙিলে মথাউৰি।
ৰঙানদীৰ নামনি অংশৰ আমতলাত ছিঙিলে মথাউৰিটো।
অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ ৰক্ষা কৱচস্বৰূপ যোৰখাট বনিয়া গাঁৱৰ পৰা পূব আমতলা নেপালী গাঁৱৰ মথাউৰিৰ প্ৰায় এশ মিটাৰ উটুৱাই নিলে বানে।
ফলত অঞ্চলটোৰ আমতলা, মাজৰ চাপৰি, পকাদল, নগৰ গাঁও মিলনপুৰ, পূব আমতলা, ভেকেৰী, শান্তিপুৰকে ধৰি দহখনতকৈ অধিক গাঁও সংহাৰী বানৰ কৱলত পৰিছে।
মধাউৰি ছিঙি নিয়াৰ ফলত বহু পৰিয়াল গৃহবন্দী হৈ চৰম যন্ত্ৰণাৰ মাজেৰে সময় অতিবাহিত কৰিছে।
এতিয়াও উক্ত অঞ্চলত প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই।
প্ৰেৰক নিতুল বৰা